/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/94ab8e7f-dbf0-47a5-bd8c-78660e911083.jpg)
ডিজিটেল সংবাদ, পেঙেৰীঃ মৰাণ ছাত্ৰ সন্থাৰ অৰ্থনৈতিক অৱৰোধৰ ফলত তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰিছে শ শ মালবাহী ট্ৰাক৷ জিলাখনৰ বিশেষকৈ ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাকুম, বৰহাপজান, হাঁহচ'ৰা, ডুমডুমা, ধলা, টিংৰাই, মাৰ্ঘেৰিটা, ডিগবৈ, ৰূপাই, খাৰজান, উল্টাপুল, বগাপানী, গোপনাৰী, পানীতোলা আদি এলেকাৰ ৰাজপথত বিভিন্ন বয়-বস্তু কঢ়িওৱা বাহনৰ দীঘলীয়া দীঘলীয়া লানি পৰিলক্ষিত হৈছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/5b47da1d-d175-4945-967d-80da9d158027.jpg)
ইপিনে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী ডিৰাক, নামচিক আৰু বৰডুমচা গেটতো আৱদ্ধ হৈ আছে অসংখ্য মালবাহী ট্ৰাক৷ তদুপৰি জিলাখনত যোৱা ছয় দিন ধৰি মালবাহী ৰেলৰ চলাচলো সম্পূৰ্ণ বন্ধ হৈ আছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/e7dbc288-ba0c-4046-9b21-9d9354696617.jpg)
সদৌ মৰাণ ছাত্ৰ সন্থাই তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত লৈ অহা এই সৰ্বাত্মক অৰ্থনৈতিক অৱৰোধৰ ফলত জিলা খন স্তবিৰ হৈ পৰিছে যদিও আজি পৰ্যন্ত চৰকাৰৰ গা' ল'ৰা নাই৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/5c0a80d7-7c43-47b5-9cf3-e11ecd13e72e.jpg)
ইফালে বৃহস্পতিবাৰে মৰাণ জনগোষ্ঠীয় সংগঠনৰ সৈতে গুৱাহাটীত মুখ্য মন্ত্ৰীৰ এক বৈঠক অনুষ্ঠিত হৈছিল যদিও উক্ত বৈঠকত কোনো সমাধানৰ সূত্ৰ নোলাল৷