/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/narayanpur-1.jpg)
ডিজিটেল সংবাদ,নাৰায়ণপুৰ: লখিমপুৰত বুমেৰাঙত পৰিণত হৈছে সোনোৱাল চৰকাৰৰ শূন্য সহণশীলতাৰ নীতি। মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বন বিভাগত সংঘটিত হৈছে অবাধ দুৰ্নীতি। নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দোৰপাং নদীত বন বিভাগৰ লগত গোপন বুজাবুজিৰে শিল-বালিৰ অবৈধ খনন মহলদাৰৰ।
মহলদাৰ বিষ্ণুপ্ৰতিম বৰাৰ বিৰুদ্ধে উথ্বাপিত হৈছে এই অভিযোগ। সাংবাদিকৰ কেমেৰা দেখি পলায়ন ট্ৰেক্টৰ সহ শ্ৰমিকৰ। লখিমপুৰ জিলাৰ হাৰমতিস্থিত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ দোৰপাং নদীৰ এই শিল-বালিৰ কোৱেৰিটোত বিগত বহু দিন ধৰি বিষ্ণুপ্ৰতিম বৰা নামৰ মহলদাৰ জনে বন বিভাগৰ লগত গোপন বুজাবুজিৰে অবৈধ ভাৱে চলাই আহিছে খনন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/WhatsApp-Image-2021-02-10-at-12.23.49-PM-1024x1024.jpeg)
উল্লেখ্য যে, দোৰপাং নদীৰ ওপৰত থকা পকী দলং খনৰ নামনি অংশৰ ৫ শ মিটাৰ পৰ্যন্ত খনন বন্ধ কৰাৰ লগতে ওপৰৰ অংশটো ২ শ মিটাৰ পৰ্যন্ত খনন বন্ধ ৰাখিছিল বন বিভাগে। দলং খনৰ নিৰাপত্তাৰ খাতিৰত উক্ত অংশত খনন বন্ধ ৰখাৰ পিছতো মহলদাৰ বিষ্ণুপ্ৰতিম বৰাই বিভাগীয় নীতি-নিৰ্দেশনাক বৃদ্ধাংগুস্থ প্ৰদৰ্শন কৰি বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগত গোপন বুজাবুজিৰে অবাধ গতিত অব্যাহত ৰাখিছে শিল-বালিৰ অবৈধ বেহা।
একাংশ এজেন্ট নিউগ কৰি দিনৰ পোহৰতে সম্পূৰ্ণ অবৈধভাৱে মহলদাৰ বিষ্ণুপ্ৰতিম বৰাই দৈনিক সৰবৰাহ কৰি আহিছে শিল-বালি ভৰ্তি ট্ৰেক্টৰ-ডাম্পাৰ । আনহাতে শিল-বালি সৰবৰাহ কৰা ট্ৰেক্টৰ-ডাম্পাৰ সমূহক বিভাগীয় নীতি অনুসৰী প্ৰতি বাৰতে একোখন কৈ চালান দিব লাগে যদিও কোনো ধৰণৰ চালানৰ ব্যৱস্থা নকৰে মহলদাৰে ।
ফলত চৰকাৰে হেৰুৱাব লগা হৈছে লক্ষ্য লক্ষ্য টকাৰ ৰাজহ । এক কথাত ক'বলৈ গ'লে লখিমপুৰ বন বিভাগত অৰ্থহীন হৈ পৰিছে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰৰ শূন্য সহণশীলতাৰ নীতি।
এতিয়া প্ৰশ্ন হয় দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহণশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সোনোৱালৰ লগতে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই সকল দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰিব নে…???