শীতল যুদ্ধৰ আৰঁত তল পৰিছে এছিয়াৰ বিশ্ব জয়ৰ সপোন...

শীতল যুদ্ধৰ আৰঁত তল পৰিছে এছিয়াৰ বিশ্ব জয়ৰ সপোন...

ডিজিটেল ডেস্ক : বিগত দুটা শতিকা ব্ৰিটেইন আৰু আমেৰিকাৰ আধিপত্যৰ পাছত কোৱা হৈছিল এইটো শতিকাত সমগ্ৰ বিশ্বত দেখা যাব এছিয়া মহাদেশৰ আধিপত্য । দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংস লীলাৰ পাছত অতি কষ্টেৰে জাপান, দক্ষিণ কোৰিয়া, টাইৱান, হংকং, চিংগাপুৰ আৰু ভাৰতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছিল । একেই গতি অব্যাহত থাকিলে শতিকাটোৰ শেষত চীন হ'ল হৈ বিশ্বৰ বৃহত্তম অৰ্থনৈতিক শক্তি আৰু ভাৰতে অৱস্থিতি গ্ৰহণ কৰিলে হয় তৃতীয় স্থানত । আনহাতে, দ্বিতীয় স্থানত থাকিল হয় আমেৰিকা যুক্তৰাষ্ট্ৰ ।

অৰ্থনীতিবিদ সকলৰ এই মন্তব্যক সচাঁ বুলি প্ৰমাণিত কৰি পশ্চিমীয়া দেশ সকলৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছিল এছিয়া মহাদেশৰ উত্থান ।

কিন্তু ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, আন্তৰ্জাতিক বজাৰৰ ধুমুহাৰ মাজত ম্লান হ'বলৈ আৰম্ভ কৰিছে এছিয়াৰ অৰ্থনৈতিক অভ্যুত্থান । অৱশ্যে কেৱল ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই নহয় বৰং অশান্ত আফগানিস্তান, ঋণত কোঙা হোৱা শ্ৰীলংকা আৰু পাকিস্তানেও এছিয়া মহাদেশৰ আধিপত্যত বাধা হৈ দেখা দিছে ।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱা সমগ্ৰ বিশ্বৰ বাবে আছিল আটাইতকৈ বেছি প্ৰত্যাহ্বানমূলক । আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূৰ্বল ৰাজনৈতিক স্থিতি, চীনৰ প্ৰৰোচনামূলক কূটনীতিৰ লগতে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত গোলকীয় উষ্ণতা আৰু পাৰমাণৱিক শক্তি ব্যৱহাৰৰ সীমাবদ্ধতা সমূহৰ ওপৰত এক বলিষ্ঠ কন্ঠৰ অভাৱ আছিল এই শতিকাৰ আটাইতকৈ প্ৰত্যাহ্বানমূলক সমস্যা । তেনেস্থলত, স্বৈৰাচাৰী আৰু গণতান্ত্ৰিক চৰকাৰৰ মাজৰ যুজঁত হেৰাই গৈছে এছিয়াৰ সপোন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in