/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/dikom-tea-1-kg-in-75-thousand-sets-recoed.jpg)
ডিজিটেল ডেস্কঃ চাহ উৎপাদনত বিশ্বৰ ভিতৰতে অসমৰ আছে এক সুকীয়া স্থান। অসমৰ চাহৰ আদৰ আছে সমগ্ৰ বিশ্বতে। পুনৰবাৰ অসমত উৎপাদিত হোৱা চাহে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ৭৫ হাজাৰ টকাত বিক্ৰী হৈছে এক কিলোগ্ৰাম অসমৰ চাহ।
এই ভাল খবৰটো কঢ়িয়াই আনিছে ডিকম চাহ বাগিচাই। ডিকম গ'ল্ডেন বাটাৰফ্লাই চাহ এক কিলোগ্ৰাম বিক্ৰী হৈছে ৭৫ হাজাৰ টকাত। এই খবৰে ৰাজ্যবাসীৰ লগতে চাহ উৎপাদকসকলৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা।
বিশ্বৰ আটাইতকৈ দামী চাহৰূপে পৰিগণিত হৈছে ডিকম গ'ল্ডেন বাটাৰফ্লাই চাহ। ইয়াৰ পূৰ্বে অধিক মূল্যত চাহ বিক্ৰী হোৱাৰ বাবে অসমৰ চাহে দুবাৰকৈ অভিলেখ সৃষ্টি কৰিছিল। তৃতীয়বাৰৰ বাবে অধিক দামত চাহ বিক্ৰী কৰি পুনৰবাৰ নিজৰে অভিলেখ ভংগ কৰিছে ৰাজ্যৰ চাহে।
পূৰ্বে মনোহৰী আৰু মাইজান বাগিচাৰ চাহে সৃষ্টি কৰিছিল অভিলেখ। মাইজান গ'ল্ডেন চাহ এক কিলোগ্ৰাম বিক্ৰী হৈছিল ৭০,৫০০ টকাত। তাৰ পিছতে মঙলবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ডিকম গ'ল্ডেন বাটাৰফ্লাই চাহ বিক্ৰী হ'ল ৭৫ হাজাৰ টকাত।