লোহা চোৰ কৰি এজন জে’ললৈ

লোহা চোৰ কৰি এজন জে’ললৈ

author-image
asomiyapratidin
New Update
লোহা চোৰ কৰি এজন জে’ললৈ

ডিজিটেল সংবাদ ,ঢকুৱাখনা :কেন্দ্ৰীয় চৰকাৰৰ আৱন্তিত উন্নয়নমূলক আঁচনিৰ পুঁজিৰে নিৰ্মীয়মান পকী দলঙৰ  নিৰ্মাণ সামগ্ৰী চুৰি কৰি ৰঙা ঘৰৰ আলহী হ'ব লগা হ'ল ঢকুৱাখনা মহকুমাৰ এটা মুনাফালোভী।জানিব পৰা মতে,ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত গড়পৰা গাঁওৰ পৰা ৰহা গাঁও সংযোগী এখন পি এম জি এছ ৱাই আঁচনিৰ পকী দলং নিৰ্মাণ কাৰ্য চলি আছিল।

Advertisment

পেকেজ নং এ এছ ১৫-২৪৬ শিতানত  নিৰ্মিত এই পকী দলংখনৰ নিৰ্মাণ সামগ্ৰী লোহা  সুদীর্ঘ ৪ বছৰ ধৰি  চুৰি হৈ আহিছিল । এই সন্দৰ্ভত  আঁচনিখনৰ ঠিকাদাৰ কুলেন হাজৰিকা আৰু দত্ত এণ্ড এছ'চিয়েটছৰ নিযুক্ত মহৰীয়ে সন্ধান চলাইয়ো ব্যৰ্থ হৈছিল । ধাৰাবাহিকভাবে অব্যাহত থকা এই চুৰি কাণ্ডৰ  পুনৰাবৃত্তি ঘটে বুধবাৰে নিশা।  বুধবাৰে নিশা গড়পৰা গাঁওৰ নিবাসী পোনেশ্বৰ টাইডৰ পুত্ৰ মিন্টু টাইড ওৰফে পেপেয়ে বুধবাৰে নিশা প্ৰায় ৩০ বান্দোল ৮ এম এম আৰু ১০  এম এম ৰদ চুৰি কৰি গোপন ঠাইত মজুত ৰাখিছিল ।

এই সন্দৰ্ভত  ঢকুৱাখনা সদৰ থানাত নিৰ্মাণ কামৰ মহৰী কুশল বৰাই এজাহাৰ  দাখিল কৰে।ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদর্শক দীনেশ মেধিয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি  লুকুৱাই ৰখা প্ৰায় ২১ বান্দোল লোহা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে উক্ত চুৰি কাৰ্যত জড়িত পেপেক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । বৃহস্পতিবাৰে  সদৰ থানাত পঞ্জীভূত গোচৰ নং-১১৪/২০২২ৰ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৯/৩৪ ৰ অধীনত ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই লখিমপুৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে ,উক্ত দলঙৰ নিৰ্মাণ সামগ্ৰী চুৰি কৰি নি সমীপৰ গড়পৰা গাঁওৰ বহু সংখ্যক ব্যক্তিয়ে বাসগৃহ নিৰ্মাণ কৰা বুলি ধৃত চোৰটোৱে জানিবলৈ দিছে । এই সন্দৰ্ভত ঢকুৱাখনা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

assam dhakuakhana