ডেডিকেটেড ফ্ৰেইট কৰিডৰত মালবাহী ট্ৰেফিক দুগুণ বৃদ্ধি

নতুন বিত্তীয় বৰ্ষত ডেডিকেটেড ফ্ৰেইট কৰিডৰ (DFC)ত মালবাহী ট্ৰেফিক উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। বিগত বিত্তীয় বৰ্ষৰ তুলনাত এইবাৰ ট্ৰেফিক দুগুণ বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
ডেডিকেটেড ফ্ৰেইট কৰিডৰ

ডিজিটেল ডেস্কঃ নতুন বিত্তীয় বৰ্ষত ডেডিকেটেড ফ্ৰেইট কৰিডৰ (DFC)ত মালবাহী ট্ৰেফিক উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। বিগত বিত্তীয় বৰ্ষৰ তুলনাত এইবাৰ ট্ৰেফিক দুগুণ বৃদ্ধি পাইছে।

চলিত বছৰত এপ্ৰিলৰ পৰা অক্টোবৰ পৰ্যন্ত ডি এফ চিত মুঠ ৬২,২৮২ মিলিয়ন নেট টন কিলোমিটাৰ (NTKM) মালবাহী পৰিবহন হৈছে। দৈনিক পৰিবহন হৈছে ২৯২.৪ মিলিয়ন NTKM

যোৱা বছৰ এই সময়ত এই পৰিমাণ আছিল ৩২,১৬৪ মিলিয়ন NTKM বা দৈনিক ১৫১ মিলিয়ন NTKM।ডেডিকেটেড ফ্ৰেইট কৰিডৰ মালবাহী ট্ৰেফিক এনেদৰে দুগুণ বৃদ্ধি পোৱাৰ মূলতে হৈছে যোৱা বিত্তীয় বৰ্ষৰ শেষৰ ফালে আৰম্ভ কৰা পূব আৰু পশ্চিম ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ ৫২২ কিলোমিটাৰ অংশৰ বাবে। 

উল্লেখ্য ডেডিকেটেড ফ্ৰেইট কৰিডৰ হৈছে ভাৰতত বৈদ্যুতিক ৰে'ললাইনৰ এক নেটৱৰ্ক, যাক কেৱল মালবাহী ৰে'লৰ বাবে ব্যৱহাৰ কৰা হয়। ডিএফচি দেশৰ ৭০ শতাংশ সামগ্ৰী কঢ়িওৱা ৰে'ল চলাচল কৰি ভাৰতৰ ৰে'লনেটৱৰ্কৰ ট্ৰেফিক হ্ৰাস কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল।

চৰকাৰী সূত্ৰত প্ৰকাশিত খবৰ মতে ২০২৫ চনত শেষ ভাগত পশ্চিম ডি এফ চিত আৰু ১০২ কিলোমিটাৰ অংশ কাৰ্যকৰী হব। ফলত ডি এফ চি ট্ৰেফিক ২০ শতাংশ বৃদ্ধি পাব। তাৰোপৰি ২০২৫ বিত্তীয় বৰ্ষত ট্ৰেফিক আয়ো ৰেকৰ্ড সংখ্যক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

পশ্চিম ডি এফ চিত চলাচল কৰা মালবাহী ৰেলসমূহত মুখ্যতঃ কণ্টেইনাৰ, চিমেণ্ট, তৈলজাত সামগ্ৰী, ট্ৰাক-অন ট্ৰেইন আৰু সৰু সৰু সামগ্ৰী পৰিবহন হয়। পূৱ ডি এফ চিয়ে মুখ্যতঃ কয়লা, লো-তীখা, সাৰ, খাদ্য শস্য আৰু কণ্টেইনাৰ পৰিবহন কৰে।

ভাৰতীয় ৰে'লৱে