গ্ৰেটা থৰ্নবাৰ্গৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ FIR, নিজৰ স্থিতিত অটল গ্ৰেটা…

গ্ৰেটা থৰ্নবাৰ্গৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ FIR, নিজৰ স্থিতিত অটল গ্ৰেটা…

author-image
asomiyapratidin
New Update
গ্ৰেটা থৰ্নবাৰ্গৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ FIR, নিজৰ স্থিতিত অটল গ্ৰেটা…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে পৰিৱেশ আৰু জলবায়ু সম্পৰ্কীয় কাম কৰা গ্ৰেটা থৰ্নবাৰ্গৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে।দৰাচলতে টুইটাৰযোগে কৃষক আন্দোলনৰ সমৰ্থন জনাইছিল গ্ৰেটা থৰ্নবাগে। ইয়াৰ পিছতে দিল্লী আৰক্ষীৰ চাইবাৰ চেলে গোচৰ ৰুজু কৰিছে পৰিৱেশ কৰ্মী কিশোৰী গৰাকীৰ বিৰুদ্ধে।

উল্লেখ্য যে গ্ৰেটা থৰ্নবাগে কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন আগৱঢ়াই আমি সকলো একগোট হৈ আছো বুলি মন্তব্য কৰিছিল। অৱশ্যে টুইটটোৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল সামাজিক মাধ্যমত।অৱশ্যে বৰ্তমানেও নিজৰ স্থিতিত অটল আছে গ্ৰেটা। তেওঁ মন্তব্য কৰিছে তেওঁ সদায় এই বিক্ষোভকাৰী কৃষকৰ পক্ষত থাকিব।

বিজেপি সাংসদ মিনাক্ষী লেখীয়ে গ্ৰেটাৰ মন্তব্য সম্পৰ্কত সমালোচনা কৰি কয় যে- গ্ৰেটা শিশু। তেওঁ বহু কথাই অজ্ঞ, গতিকে তেওঁ পৰা হ'লে গ্ৰেটাৰ পৰা নবেল পুৰস্কাৰ আঁতৰাই আনি তাৰ ঠাইত এটা শিশু ট্ৰফী গুজি দিলেহেতেন।