/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/KQ.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দিল্লী চৰকাৰে গ্ৰহণ কৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দিল্লীত পূৰ্বে ডিজেলত ধাৰ্য কৰা ৩০ শতাংশ VAT (value added tax)হ্ৰাস কৰা হৈছে ১৬.৭৫শতাংশলৈ। উল্লেখ্য যে, কেবিনেটৰ এই সিদ্ধান্তৰ পাছতে দিল্লীত ৮.৩৬টকা পৰ্যন্ত হ্ৰাস পাব ডিজেলৰ মূল্য। বৃহস্পতিবাৰে পুৱাই সংবাদমেলযোগে এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে, দিল্লীৰ অৰ্থব্যৱস্থাৰ শক্তিশালী আৰু সাধাৰণ লোকসকলক মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণ দিয়াই উদ্দেশ্যতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে।