আৰ বি আইৰ বিশেষ নিৰ্দেশঃ গ্ৰাহকে একাউণ্টৰ পৰা উলিয়াব নোৱাৰিব ১ হাজাৰতকৈ অধিক ধন…

আৰ বি আইৰ বিশেষ নিৰ্দেশঃ গ্ৰাহকে একাউণ্টৰ পৰা উলিয়াব নোৱাৰিব ১ হাজাৰতকৈ অধিক ধন…

author-image
asomiyapratidin
New Update
আৰ বি আইৰ বিশেষ নিৰ্দেশঃ গ্ৰাহকে একাউণ্টৰ পৰা উলিয়াব নোৱাৰিব ১ হাজাৰতকৈ অধিক ধন…

ডিজিটেল ডেস্কঃ মুম্বাইৰ পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ ক'ৰ্পৰেটিৱ বেংক (পি এম চি বেংক)ৰ বাহিৰত গ্ৰাহকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। দৰাচলতে বেংকত বিত্তীয় খেলিমেলিৰ বাবে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া চমুকৈ আৰ বি আইয়ে বেংকটোৰ গ্ৰাহকসকলে একাউণ্টৰ পৰা এক হাজাৰ টকাতকৈ অধিক ধন উলিয়াব নোৱাৰিব বুলি ঘোষণা কৰে।

এক হাজাৰতকৈ অধিক ধন উলিয়াব নোৱাৰাৰ বাবে পি এমচি বেংকৰ গ্ৰাহকসকলে ভুগিছে ভীষণ অসুবিধা। আৰ বি আইৰ এই নিষেধাজ্ঞা অহা ৬ মাহলৈকাৰ্যকৰী হ'ব। তদুপৰি বেংকে দিব নোৱাৰিব কোনো ধৰণৰ ঋণ আৰু কোনোৱে কৰিব নোৱাৰিব ধনবিনিয়োগ।

উল্লেখ্য যে, আৰ বি আই-য়ে মঙলবাৰে মুম্বাইস্থিতপঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ ক'ৰ্পৰেটিৱ বেংকত কোনো ধৰণৰ ব্যৱসায়িক লেন-দেন কৰিবনোৱাৰিব। যাৰ বাবে মহানগৰখনৰ ব্যৱসায়ী তথা বিনিয়োগকাৰীসকলৰ ওপৰতো পৰিছে ইয়াৰপ্ৰভাৱ।

ৰিজৰ্ভ বেংক অৱ ইণ্ডিয়াৰ মুখ্য মহাপ্ৰবন্ধকযোগেশ দয়ালে কয় যে- 'আৰ বি আইৰ নিৰ্দেশ অনুসৰি, পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ ক'ৰ্পৰেটিৱবেংকত একাউণ্ট থকা গ্ৰাহকসকলে উলিয়াব নোৱাৰিব এক হাজাৰ টকাতকৈ অধিক ধন।'