ডিজিটেল ডেস্কঃ ভাৰতৰ ক্ৰেডিট কাৰ্ড ব্যয়ে চলিত বছৰৰ অক্টোবৰত ২.০২ ট্ৰিলিয়ন অৰ্থাৎ ২লাখ কোটি টকা স্পৰ্শ কৰিছে। এই পৰিমাণ চলিত বছৰৰ ছেপ্টেম্বৰৰ তুলনাত ১৪.৫ শতাংশ অধিক আৰু বিগত বছৰৰ অক্টোবৰৰ তুলনাত ১৩ শতাংশ অধিক।
ক্ৰেডিট কাৰ্ড ব্যয়ৰ এনে বৃদ্ধিৰ মূলতে হৈছে উৎসৱৰ বতৰৰ বজাৰ। অৱশ্যে, নতুন ক্ৰেডিট কাৰ্ড জাৰি কৰাত এই বৃদ্ধি অতি কম হৈছে। যিয়ে এই খণ্ডটোত অতি সতৰ্ক উন্নতিৰ ইঙ্গিত দিছে।
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্য অনুসৰি অক্টোবৰ মাহত মুঠ ক্ৰেডিট কাৰ্ডৰ সংখ্যা ১০৬.৮৮ মিলিয়নত উপনীত হৈছে। বিগত বছৰৰ একেই সময়ৰ তুলনাত ১২.৮৫ শতাংশ আৰু ছেপ্টেম্বৰৰ তুলনাত ০.৭৪ শতাংশ বৃদ্ধি হৈছে। অক্টোবৰ মাহত নতুন ক্ৰেডিট কাৰ্ড জাৰি কৰা হৈছে ৭৮৬৩৩৭ খন। ছেপ্টেম্বৰত এই সংখ্যা আছিল ৬২০০০০ খন আৰু আগষ্টত আছিল ৯২০০০০ খন।
এতিয়া নতুন ক্ৰেডিট কাৰ্ড ইছ্যুৰ সংখ্যা হ্ৰাস পাইছে। অক্টোবৰ ২০২৪ ত নতুন কাৰ্ড ইছ্যু ৪৫ শতাংশ হ্ৰাস হৈ ৭৮০০০০ হৈছে। ২০২৩ চনৰ অক্টোবৰত মাহত ক্ৰেডিট কাৰ্ড ইছ্যু কৰা হৈছিল ১.৬ মিলিয়ন।
আনহাতে ভাৰতত ক্ৰেডিট কাৰ্ড খৰচৰ ধৰণো সলনি হৈছে। ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ই-কমাৰ্চ লেনদেন অক্টোবৰ মাহত পূৰ্বৰ ৬১ শতাংশৰ পৰা ৫১ শতাংশলৈ হ্ৰাস পাইছে। আনহাতে পইণ্ট-অফ-চেল লেনদেনৰ অংশ ৩৯ শতাংশলৈ বৃদ্ধি হৈছে। পইণ্ট-অফ-চেল লেনদেনে এতিয়া মুঠ লেনদেনৰ প্ৰায় ৫১ শতাংশ দখল কৰিছে।
প্ৰকাশিত খবৰ অনুসৰি ক্ৰেডিট কাৰ্ড ঋণৰ ওপৰত তীব্ৰ চাপ আছে আৰু বেংবোৰে ঋণৰ মানদণ্ড কঠোৰ কৰিছে। একাংশ বেংকৰ জুলাই-ছেপ্টেম্বৰৰ তিনিমাহত তেওঁলোকৰ অনুৎপাদক সম্পত্তি (এন পিএ) বৃদ্ধি পাইছে।
অক্টোবৰ মাহত HDFC বেংকে সৰ্বাধিক ২৪১১১৯ খন নতুন ক্ৰেডিট কাৰ্ড ইছ্যু কৰিছে। তাৰ পাছত এছ বি আইয়ে ২২০২৬৫ খন, ICICI বেংকে ১৩৮৫৪১ খন, এক্সিছ বেংকে ২০,৫৭৩ খন কাৰ্ড ইছ্যু কৰিছে। উৎসৱৰ বতৰত ক্ৰেডিট কাৰ্ড ব্যয় সাময়িক বৃদ্ধি হলেও আগন্তুক বছৰ এই বৃদ্ধি হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।