প্ৰধানমন্ত্ৰীৰ শিতানৰ পৰা বহন কৰিব কোৰোণা ভেকচিনৰ খৰছ…

প্ৰধানমন্ত্ৰীৰ শিতানৰ পৰা বহন কৰিব কোৰোণা ভেকচিনৰ খৰছ…

author-image
asomiyapratidin
New Update
স্বাস্থ্য বিভাগৰ চূড়ান্ত গাফিলতিত ১ হাজাৰ কোভিড ভেকচিন নষ্ট…

ডিজিটেল ডেস্কঃ দেশজুৰি ১৬ জানুৱাৰীৰ পৰা কোৰোনাৰ ভেকচিনৰ টিকাকৰণ আৰম্ভ হ'ব। খবৰ অনুসৰি প্ৰথমে হেলিকপ্টাৰ আৰু ফ্ৰন্টলাইন কৰ্মচাৰী সকলক এই ভেকচিন প্ৰদান কৰা হ'ব। প্ৰথম পৰ্যায়ত ভেকচিন লোৱাৰ বাবে ১ কোটি স্বাস্থ্য কৰ্মচাৰী আৰু ২ কোটি ফ্ৰন্টলাইন কৰ্মচাৰীক কোৰোনাৰ খৰচ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোডীৰ ফাণ্ডৰ পৰা।

Advertisment

উল্লেখ্য যে বিগত সপ্তাহত চিৰাম ইনষ্টিটিউট আফ ইণ্ডিয়াই কোৰোনা ভাইৰাছৰ প্ৰতিষেধক কোভিশ্বীল্ড আৰু ভাৰত বায়োটেকৰ কোভাশ্বিনৰ তৎকালীন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছিল। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে দেশত ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব লগা টিকাকৰণ অভিযানৰ বাবে ৬ কোটিৰো অধিক ভেকচিন কিনিবলৈ নিৰ্দেশ দিছিল। এই নিৰ্দেশ অনুসৰি এই ভেকচিনত সম্পূৰ্ণ খৰছৰ মূল্য প্ৰায় ১৩০০ কোটি টকা হ'বগৈ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে হোৱা বৈঠকত কয় যে, কোভিড-১৯ৰ বাবে টিকাকৰণ বিগত তিনি চাৰি সপ্তাহৰ পৰা প্ৰায় ৫০ দেশত দিয়া হৈছে আৰু এতিয়ালৈ আধা কোটি লোকৰ টিকাকৰণ কৰা হৈছে। অন্যহাতে ভাৰতৰ উদ্দেশ্য হৈছে আগন্তুক কিছু মাহৰ ভিতৰত ৩০ কোটি লোকক টিকাকৰণ কৰা।