ভাল খবৰঃ দাম কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ

ভাল খবৰঃ দাম কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ

author-image
asomiyapratidin
New Update
ভাল খবৰঃ দাম কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ

ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ পহিলা দিনটোতে দেশবাসীলৈ আৰু গৃহিনীসকললৈ এটা ভাল খবৰ কঢ়িয়াই আনিছে চৰকাৰে। বিগত ৬ মাহ ধৰি ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিৰ পিছত এইবাৰ দ্বিতীয় বাৰৰ বাবে হ্ৰাস কৰা হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। ২০১৮ৰ শেষৰটো দিনত চৰকাৰে ঘোষণা কৰা মতে ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিটো ৰাজসাহায্যযুক্ত এল পি জি চিলিণ্ডাৰৰ মূল্য ৫.৯১ টকা হ্ৰাস কৰা হৈছে। ইফালে এই মূল্য হ্ৰাস পোৱাৰ পিছতে ১৪.২ কোজি ওজনৰ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ'ব ৪৯৪.৯৯ টকা।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১ ডিচেম্বৰত হ্ৰাস পাইছিল ৰাজসাহায্যযুক্ত এল পি জি চিলিণ্ডাৰৰ মূল্য ৬.৫২ টকা হ্ৰাস পাইছিল। আনহাতে এই মূল্য হ্ৰাসৰ পূৰ্বে একেৰাহে ৬ মাহ ধৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জ্বলাকলা খুৱাইছিল। তদপুৰি এই মূল্য বৃদ্ধি ৰোধৰ দাবী উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈকো ওলাই আহিছিল সাধাৰণ জনতা।

ইফালে ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ সমান্তৰালকৈ বানিজ্যিক চিলিণ্ডাৰ আৰু সাধাৰণ বজাৰ চিলিণ্ডাৰৰ মূল্যও হ্ৰাস পাইছে পহিলা জানুৱাৰীৰ পৰা। এল পি জিৰ মূল্য হ্ৰাস আৰু তাৰ ওপৰত লগা জি এছ টি হ্ৰাসৰ বাবে চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা বুলি জানিব পৰা গৈছে।