বিজ্ঞাপনত মিছা দাবী কৰিলে ২ বছৰৰ কাৰাদণ্ডৰ লগতে ১০ লাখ টকাৰ জৰিমনা! সাৰি নাযাব অভিনয় কৰা অভিনেতাও…

বিজ্ঞাপনত মিছা দাবী কৰিলে ২ বছৰৰ কাৰাদণ্ডৰ লগতে ১০ লাখ টকাৰ জৰিমনা! সাৰি নাযাব অভিনয় কৰা অভিনেতাও…

author-image
asomiyapratidin
New Update
বিজ্ঞাপনত মিছা দাবী কৰিলে ২ বছৰৰ কাৰাদণ্ডৰ লগতে ১০ লাখ টকাৰ জৰিমনা! সাৰি নাযাব অভিনয় কৰা অভিনেতাও…

ডিজিটেল ডেস্কঃ যিকোনো বিজ্ঞাপনত মিছা দাবী অথবা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে হব লাগিব ৰঙাঘৰৰ আলহী। বিজ্ঞাপনৰ দাবী মিছা প্ৰমাণিত হলে শাস্তি মুৰ পাতি লব লাগিব প্ৰতিষ্ঠানটোৰ লগতে বিজ্ঞাপনত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীও। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে লোকসভাত গৃহীত কৰিছে এই বিশেষ বিধেযয়কখন। গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা এই বিধেয়কখনৰ নাম 'গ্ৰাহক সুৰক্ষা বিধেয়ক ২০১৯' (Consumer Protection Bill 2019)  ।

Advertisment

এই বিধেয়কৰ জৰিয়তে বিজ্ঞাপনত কোনোৱে মিছা দাবী অথবা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ২ বছৰৰ জেলৰ লগতে ভৰিব লাগিব ১০ লাখ টকাৰ জৰিমনা। প্ৰিন্ট মিডিয়া, টেলিভিছন অথবা ৰেডিঅত প্ৰচাৰ কৰা যিকোনো বিজ্ঞাপনত নজৰ ৰাখিবৰ বাবে কেন্দ্ৰই এখন উচ্চস্তৰীয় কমিটি গঠন কৰাৰ কথায়ো উল্লেখ কৰিছে বিধেয়কখনত।

বিধেয়কখনক লৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বাৰে বাৰে যদি কোনো প্ৰতিষ্ঠানে মিছা প্ৰতিশ্ৰুতিৰে বিজ্ঞাপন পৰিৱেশন কৰি থাকে তেন্তে ৫ বছৰ কাৰাদণ্ডৰ লগতে জৰিমনাৰ পৰিমান ১০ লাখৰ পৰা ৫০ লাখলৈ বৃদ্ধি কৰা হব। উল্লেখ্য যে, এই বিধেয়কখন বৰ্তমান লোকসভাতহে গৃহীত হৈছে। ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতে এই বিধেয়কখন আইনত পৰিণত হব।