এজনে যদি ক’লে বাজেটে উন্নয়নৰ নতুন আত্মবিশ্বাস কঢ়িয়াইছে, আন এজনে ক’লে সীতাৰমণৰ বাজেট শূন্য…

এজনে যদি ক’লে বাজেটে উন্নয়নৰ নতুন আত্মবিশ্বাস কঢ়িয়াইছে, আন এজনে ক’লে সীতাৰমণৰ বাজেট শূন্য…

author-image
asomiyapratidin
New Update
বিত্তমন্ত্ৰীৰ বাজেটৰ প্ৰথম ১ ঘণ্টাৰ বৃহৎ ঘোষণাসমূহ….

ডিজিটেল ডেস্কঃ '১০০ বছৰৰ অন্তত অহা ভয়ংকৰ দুৰ্যোগৰ মাজতে এই বাজেটে উন্নয়নৰ এক নতুন আত্মবিশ্বাস কঢ়িয়াই আনিছে। এই বাজেটে অৰ্থনীতি শক্তিশালী কৰাৰ লগতে সাধাৰণ মানুহৰ বাবে বহু নতুন সুযোগ সৃষ্টি কৰিব। বাজেটে অধিক আন্তঃগাঁথনি, অধিক বিনিয়োগ, বিকাশ আৰু অধিক চাকৰিৰ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে।'- মঙ্গলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট পাঠ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে বাজেট সম্পৰ্কে এইদৰে কয়।

Advertisment

ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই বাজেটক সমালোচনা কৰি কয় যে, "মোডী চৰকাৰৰ শূন্য ৰাশিৰ বাজেট! শ্ৰেণী, মধ্যবিত্ত, দৰিদ্ৰ আৰু দুখীয়া, যুৱ, কৃষক আৰু এমএছএমইৰ বাবে বাজেটত একো নহয়।' কংগ্ৰেছ দলটোৰ মতে মোডী চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বাবেও জনসাধাৰণ ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। দলটোৰ মতে অৰ্থনৈতিক সমীক্ষা ২০২২ ৰ তথ্যই মোডী চৰকাৰৰ বিফলতাৰ বাট মুকলি কৰিছে।

ইফালে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়েও বাজেটৰ প্ৰশংসা কৰি কয় যে, এই বাজেটে ১৩০ কোটি ভাৰতীয়ৰ জীৱন উন্নত কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই বাজেটক এক দূৰদৰ্শী বাজেট বুলি বৰ্ণনা কৰে।

আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বাজেটক শূন্য বুলি অভিহিত কৰিছে। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আকৌ এই বাজেটে মানুহৰ আশা-আকাংক্ষাক পূৰণ কৰা বুলি বৰ্ণনা কৰিছে।