/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/city-bus-plash.jpg)
ফটোঃ পলাশ
ডিজিটেল সংবাদ, গুৱাহাটীঃ ৩ অক্টোবৰত মহানগৰীৰ চিটি বাছসমূহত দেখা যাব পাৰে যাত্ৰী আৰু বাছ কৰ্মচাৰীৰ সংঘাত। ভাৰা বৃদ্ধিৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত হোৱাৰ পিছতে এনে সম্ভাৱনা একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে।
উল্লেখ্য যে, ইন্ধনৰ অত্যাধিক মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ভাৰাবৃদ্ধিৰ বাবে পৰিবহণ বিভাগৰ সৈতে আলোচনাত মিলিত হৈছিল কেবাটাও মটৰ পৰিবহণ সন্থা। পৰিবহণ বিভাগে ভাৰা বৃদ্ধিৰ বাবে নিৰ্দেশনা জাৰি কৰিব বুলি আশ্বাস দিয়ে যদিও সেয়া কাৰ্যকৰী নকৰাত সোমবাৰে নিজাববীয়াকৈ প্ৰায় ৫০ শতাংশ ভাৰা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে সন্থাকেইটাই।
এই সিদ্ধান্ত অনুযায়ী অহা ৩ অক্টোবৰৰ পৰা মহানগৰীৰ চিটিবাছত ন্যুনতম ভাৰা ৫ টকাৰ পৰা ৭টকালৈ বৃদ্ধি পাব। আনহাতে ২১-২৫ কিলোমিটাৰ দূৰত্বত পূৰ্বৰ ২০ টকাৰ পৰিৱৰ্তে যাত্ৰীয়ে আদায় দিব লাগিব ২৩ টকা।
০-৩ কি:মি: | ৭ টকা |
৩-৫ কি:মি: | ৮ টকা |
৫-৯ কি:মি: | ১২ টকা |
৯-১৩ কি:মি: | ১৫ টকা |
১৩-১৭ কি:মিঃ | ১৮ টকা |
১৭-২১ কি:মি: | ২১ টকা |
২১-২৫ কি:মি: | ২৩ টকা |
*নতুন নিৰিখ
'তেলৰ দাম ইমান বাঢ়িছে। আমিতো একো কৰা নাই। আমাৰ বহুত খৰছ আছে। গাড়ী এখন এনেয়ে নচলে। মেইনটেনেন্সৰ কথা বাদেই দিলো। কিন্তু তেলৰ কথাটো বাদ দিব নোৱাৰো। ৫০ টকাৰ ডিজেল ৮০ টকা হোৱাৰ পিছতো ভাৰা নবঢ়ালে আমি গাড়ী বিক্ৰী কৰিব লাগিব। ৰাইজে আমাৰ কথাও বুজক, চৰকাৰেতো নুবুজেই।'-ভাৰা বৃদ্ধিৰ সিদ্ধান্তক লৈ এইদৰে কয় চিটি বাছৰ এজন মালিকে।