১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ দৰ্শকৰ বাবে মুকলি থাকিব ছবিগৃহ…

১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ দৰ্শকৰ বাবে মুকলি থাকিব ছবিগৃহ…

author-image
asomiyapratidin
New Update
১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ দৰ্শকৰ বাবে মুকলি থাকিব ছবিগৃহ…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক জাননী অনুসৰি এতিয়াৰ পৰা সম্পূৰ্ণৰূপে খুলিব পাৰিব ছবিগৃহ সমূহ। বিগত সময়ছোৱাত কোভিড-১৯ ৰ বাবে বহুদিন বন্ধ হৈ আছিল ছবিগৃহ সমূহ। বহুকেইখন নতুন ছবিয়েও কাম সম্পাদনৰ পিছতো মুক্তি দিব পৰা নাছিল।

Advertisment

পৰৱৰ্তী সময়ত ছবিগৃহ সমূহ খোলা হৈছিল যদিও ৫০ শতাংশ লোকহে যাব পাৰিছিল ছবি চাবলৈ। মানি চলিব লগা হৈছিল কোভিডৰ সকলো প্ৰটকল। কিন্তু নতুনকৈ গৃহ মন্ত্ৰালয়ে জাৰি কৰা জাননীয়ে সকাহ দিছে ছবিগৃহ পৰিচালক সকলকৰ লগতে দৰ্শকক।

আগন্তুক ১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ উপস্থিতিৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰ চৰকাৰে শিথিল কৰি দিছে কোভিডৰ সকলো প্ৰট'কল। অৱশ্যে ছবি গৃহত মাস্ক পৰিধান কৰিব লাগিব সকলো দৰ্শকে। অন্যহাতে ছবিগৃহৰ বাহিৰত ৬ ফুট দূৰত্ব মানি চলিব লাগিব দৰ্শকে। য'তে ত'তে থু-খেকাৰ পেলোৱাও নিষিদ্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ জাননীখনত।

উল্লেখ্য যে, দেশত ক্ৰমাৎ বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ ঘটনা হ্ৰাস পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। সৰ্বসাধাৰণৰ মাজতো উপলব্ধ হৈছে কোভিড ভেকচিন। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে সৰ্বসাধাৰণৰ মাজত।