ডিজিটেল ডেস্কঃ কোনো এখন দেশৰ আৰ্থিক অৱস্থাৰ উমান পোৱা যায় দেশখনৰ মুঠ ঘৰুৱা উৎপাদন অৰ্থাৎ জিডিপিৰ পৰিমাণৰ ওপৰত । অৰ্থনৈতিকভাৱে বিশ্বৰ আন শক্তিশালী ৰাষ্ট্ৰসমূহৰ লগত মোকাবিলা কৰিবলৈ সাজু এছিয়াৰ পাৱাৰ হাব চীন ।
উল্লেখযোগ্য যে মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত চীনৰ বৰ্তমান স্থিতি সন্তোষজনক । আনকি এছিয়াৰ ৩০খন দেশৰ জিডিপি একেলগ হৈয়ো স্পৰ্শ কৰিব নোৱাৰে চীনৰ জিডিপি । বিগত বৰ্ষত চীনৰ জিডিপি আছিল ১৮.২৮ ট্ৰিলিয়ন ডলাৰ । সামন্তৰালভাৱে ভাৰতৰ জিডিপি আছিল ৩.৯ ট্ৰিলিয়ন ডলাৰ ।
চীনৰ এই শক্তিশালী স্থিতিয়ে আনকি পাৰ কৰিছে এছিয়া মহাদেশৰ পৰিসীমা । বিগত বৰ্ষত ইউৰোপ মহাদেশৰ ৰাষ্ট্ৰ ফ্ৰান্সৰ জিডিপি আছিল ২.৮৩ ট্ৰিলিয়ন ডলাৰ । সমান্তৰালভাৱে ব্ৰিটেইনৰ জিডিপি আছিল ৩.৫৮ ট্ৰিলিয়ন ডলাৰ । এই দুই ৰাষ্ট্ৰৰ জিডিপি মিলিও স্পৰ্শ কৰিব নোৱাৰে চীনৰ জিডিপিক ।
উল্লেখযোগ্য যে অৰ্থনৈতিক দিশত চীনৰ এই প্ৰভূত্য বিস্তাৰৰ আঁৰত আছে দেশখনৰ জনসংখ্যাৰ এক বৃহৎ যোগদান । উদ্যোগ, নিৰ্মাণ, কৃষি খণ্ডই চীনৰ জিডিপি বৃদ্ধিত অৰিহণা যোগাই আহিছে । চীনৰ প্ৰযুক্তিগত বিকাশে দেশখনক বিশ্বৰ বজাৰত অপ্ৰতিৰোধ্য কৰি তুলিছে । বিশ্বৰ বহু দেশ বিভিন্ন দিশত নিৰ্ভৰ কৰে চীনত নিৰ্মীত সামগ্ৰীৰ ওপৰত । অস্ত্ৰৰ পৰা আৰম্ভ কৰি দৈনন্দিন ব্যৱহাৰ্য সকলো দিশতে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে চীন ।
বিভিন্ন ক্ষেত্ৰত চীনৰ সামগ্ৰীৰ ওপৰত বৃদ্ধি পোৱা নিৰ্ভৰশীলতাই জিডিপি বৃদ্ধিত সহায় কৰিছে দেশখনৰ । প্ৰযুক্তিগত দিশবোৰৰ লগতে কৃষি খণ্ডতো নিজৰ আধিপত্য বৰ্তাই ৰাখিছে চীনে । দেশখনৰ ৩০০ মিলিয়ন কৃষকে কৃষি কাৰ্যত নিয়োজিত হৈ কৃষি খণ্ডৰ বিকাশত সহায় কৰিছে । চাওলৰ পৰা আৰম্ভ কৰি ঘেঁহু, ফল-মূলৰ লগতে বিভিন্ন ধৰণৰ শাক-পাচলিও উৎপাদন কৰে চীনে । যাৰ ফলত দেশৰ জনগণৰ ক্ষুধা নিবাৰণত অইনৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা নহয় চীন ।
চীনৰ অবিহনে বিশ্ব অৰ্থনীতি বহুত বেলেগ দেখা যাব বুলি ক’লেও বঢ়াই কোৱা নহ’ব । বিশেষকৈ উৎপাদন আৰু উদ্যোগ খণ্ডৰ ক্ষেত্ৰত চীনৰ প্ৰভাৱশালী স্থিতি কোনেও অস্বীকাৰ কৰিব নোৱাৰে ।