সীমান্তত উত্তেজনা অথচ চীনেই ভৰসাঃ অসহায় বিদেশ মন্ত্ৰীয়ো...

আমেৰিকাক অতিক্ৰম কৰি চীন হ'ল ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ
সীমান্তত উত্তেজনা অথচ চীনেই ভৰসাঃ অসহায় বিদেশ মন্ত্ৰীয়ো...
সীমান্তত উত্তেজনা অথচ চীনেই ভৰসাঃ অসহায় বিদেশ মন্ত্ৰীয়ো...

ডিজিটেল ডেস্কঃ এফালে দুয়ো দেশৰ সীমান্তত সেনাৰ মাজত সঘনে বৃদ্ধি উত্তেজনা আনফালে ঠায়ে ঠায়ে সীমান্তত আগ্ৰাসন। ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই চুবুৰীয়া চীনে অৰুণাচল, গালৱান আদি সীমান্তত যি পৰিস্থিতিৰ সূচনা কৰিছে তাৰ কোনো প্ৰভাৱ পৰা নাই দুয়ো দেশৰ বাণিজ্য ক্ষেত্ৰতখনত।

দুয়ো দেশৰ সীমান্তৰ এনে উত্তেজনাৰ মাজতেই ২০২৪ ত আমেৰিকাক অতিক্ৰম কৰি চীন হৈ পৰিল ভাৰতৰ সৰ্ববৃৎ বাণিজ্যিক অংশীদাৰ। অৱশ্যে চীনলৈ ভাৰতৰ পৰা ৰপ্তানিৰ পৰিবৰ্তে চীনৰ পৰা ভাৰতলৈ আমদানিৰহে পৰিমাণ ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে।

চীনৰ ওপৰত ভাৰতীয় ব্যৱসায়ীসকলৰ অত্যাধিক নিৰ্ভৰশীলতা এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে। অসহায় হৈ পৰিছে ভাৰত চৰকাৰো। দেশৰ বিদেশমন্ত্ৰীৰ ভাষ্যতে সেই অসহায় অৱস্থাৰ এক ইংগিত পোৱা গ'ল।

খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা চীনৰ সৈতে সম্পৰ্ক ভাৰতৰ, পলমৈ আৰম্ভ হৈছিল বাণিজ্যিক সম্পৰ্ক

দুই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত আৰু চীনৰ মাজত খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা আৰম্ভ হৈছিল সাংস্কৃতিক সম্পৰ্ক। দুই চুবুৰীয়া দেশৰ ভ্ৰমণকাৰী, বুৰঞ্জীবিদসকলে দুয়োখন দেশ ভ্ৰমণ কৰি ইয়াৰ সংস্কৃতিৰ আদান-প্ৰদান কৰাৰ লগতে তেওঁলোকৰ বিভিন্ন টোকা, সাহিত্য, বুৰঞ্জীত এই দিশসমূহক স্থান দিছে।

চীনৰ সৈতে ভাৰতৰ এনে প্ৰাচীন সাংস্কৃতিক সম্পৰ্কৰ বিপৰীতে অৱশ্যে বাণিজ্যিক সম্পৰ্ক কিছু পলমকৈ হে আৰম্ভ হৈছিল। তথ্য অনুসৰি ভাৰত আৰু চীনৰ মাজৰ বাণিজ্যই ২০০০ চনত ২.৯২  বিলিয়ন ডলাৰৰ পৰা ২০০৮ চনত ৪১.৮৫  বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল। ইয়াৰ লগে লগে চীন হৈ পৰিছিল ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ।

২০০০ চনত, দুয়োখন দেশৰ আমদানি আৰু ৰপ্তানিৰ মাজত বিশেষ পাৰ্থক্য নাছিল। কিন্তু ২০০৬ চনৰ পৰা এই পৰিসৰ যথেষ্ট বৃদ্ধি পায়। ২০০৭ চনত, ভাৰতৰ ৰপ্তানি আছিল ১৪.৬১ বিলিয়ন আমেৰিকান ডলাৰ আৰু আমদানি আছিল ২৪.০৫ বিলিয়ন আমেৰিকান ডলাৰ।

২০১০ চনৰ ডিচেম্বৰত চীনৰ প্ৰধানমন্ত্ৰী ৱেন জিয়াবাওয়ে ভাৰত ভ্ৰমণ কৰাৰ পাছত দুয়োখন দেশৰ বাণিজ্য ২০১৫ ৰ ভিতৰত ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি হয়। ফলত আমদানি আৰু ৰপ্তানিৰ মাজৰ পাৰ্থক্যও সমানেই বৃদ্ধি হয়। ভাৰতে চীনলৈ যিমান ৰপ্তানি কৰে তাতকৈ অধিক আমদানি কৰে।

আমেৰিকাক অতিক্ৰমী চীন হৈ পৰিল ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ

আমেৰিকা যুক্ত ৰাষ্ট্ৰক অতিক্ৰম কৰি চীন এতিয়া ভাৰতৰ সৰ্ববৃৎ বাণিজ্যিক অংশীদাৰলৈ পৰিণত হৈছে। গ্লোবেল ট্ৰেড ৰিছাৰ্চ ইনিচিয়েটিভৰ তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষত দুয়োখন দেশৰ মাজৰ বাণিজ্যই ১১৮.৪ বিলিয়ন ডলাৰত উপনীত হৈছে।

চীনৰ পৰা ভাৰতলৈ সামগ্ৰীৰ আমদানি ৩.২৪ শতাংশ বৃদ্ধি হৈ ১০১.৭ বিলিয়ন ডলাৰত উপনীত হৈছেগৈ। সেইদৰে চীনলৈ ভাৰতৰ ৰপ্তানি ৮.৭ শতাংশ বৃদ্ধি হৈ ১৬.৬৭ বিলিয়ন ডলাৰ হৈছে।

গ্লোবেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভৰ দ্বাৰা প্ৰকাশিত শেহতীয়া তথ্য অনুসৰিয়েই চীনৰ পৰা আমদানি হ্ৰাস কৰিবলৈ ভাৰতে এণ্টি-ডাম্পিং কৰ আৰু মানদণ্ড নিয়ন্ত্ৰণ নিয়ম কাৰ্যকৰী কৰিছে। কিন্তু তাৰ পাছতো ভাৰতৰ আমদানিৰ ওপৰত কোনো প্ৰভাৱ পৰা দেখা নাযায়।

২০২৪ বিত্তীয় বৰ্ষত, ভাৰতে চীনৰ পৰা ২.২ বিলিয়ন ডলাৰ মূল্যৰ লিথিয়াম-আয়ন বেটাৰি ক্ৰয় কৰিছে। লিথিয়াম-আয়ন বেটাৰি গোটেই খণ্ডটোৰ মুঠ ৭৫ শতাংশ আমদানিয়েই হৈছে চীনৰ পৰা। একে সময়তে, টেলিকম সঁজুলি আৰু মোবাইলৰ সৈতে সম্পৰ্কিত ৪৪ শতাংশ সামগ্ৰী চীনৰ পৰা ভাৰতলৈ আমদানি কৰা হৈছে। যাৰ মূল্য প্ৰায় ৪.২বিলিয়ন ডলাৰ।

বিদেশ মন্ত্ৰী এছ জয় শংকৰেও দুয়ো দেশৰ বাণিজ্য সম্পৰ্কক লৈ উত্থাপন কৰিলে প্ৰশ্ন?

ভাৰত-চীন সীমান্তত দুয়ো দেশৰ সেনাৰ মাজত উত্তেজনা বৃদ্ধিৰ সময়ত দুয়ো দেশৰ এইদৰে বাণিজ্যিক ক্ষেত্ৰখনৰো এনে উত্থানে চিন্তিত কৰি তুলিছে বিদেশ মন্ত্ৰী এছ জয় শংকৰক। তেওঁ প্ৰশ্ন উত্থাপন কৰিছে ভাৰতৰ ব্যৱসায়ীয়ে চীনৰ পৰা ইমান সামগ্ৰী ক্ৰয় কিয় কৰিব লাগে?

কলকাতাত অনুষ্ঠিত হোৱা ''বিকশিত ভাৰত@২০৪৭'' শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰি এছ জয়শংকৰে ভাৰত-চীনৰ ব্যৱসায়ীক সম্পৰ্কৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ এইদৰে প্ৰশ্ন উত্থাপন কৰিছে।

সন্মিলনত এছ জয়শংকৰে কয়, ভাৰতে কোভিড মহামাৰীৰ মাজেৰে যেতিয়া অতিক্ৰম কৰিছিল চীনে ভাৰত সীমান্তত সেনাৰ সঞ্চালন বৃদ্ধি কৰিছিল। ইয়াৰ পূৰ্বে ২০১৭ ত ভূটানৰ ওচৰৰ সীমাত ভাৰত আৰু চীনৰ মাজত উত্তেজনা ৭১ দিন পৰ্যন্ত চলিছিল।

২০২০ চনত গলৱান উপত্যকাত ভাৰত-চীনৰ সেনাৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। এই সংঘৰ্ষই দুয়ো দেশৰ মাজত যথেষ্ট উত্তেজনা বৃদ্ধি পাইছিল। এই উত্তেজনা এতিয়াও অব্যাহত আছে। গলৱান উপত্যাকাৰ উত্তেজনাৰ পাছতে দুয়ো দেশৰ সীমাত সেনাৰ সঞ্চালন বৃদ্ধি কৰা হৈছে।

এনে পৰিস্থিতিত ভাৰতে জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ দ্বাৰা গঠিত Quad Cooperation Organization ৰ সৈতে নিৰাপত্তা সম্পৰ্কীয় আলোচনাত বহে। এনে উত্তেজনাৰ মাজতে ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে ভাৰতত প্ৰচলিত বহু চীনা এপ ২০২০ ত নিষিদ্ধ কৰে।

ইয়াৰ পিছত, ভাৰত চৰকাৰে জুন ২০২০ ত ৫৯ টা চীনা এপ বন্ধ কৰে। ইয়াৰ পিছত একেটা বছৰৰে ২৯ জুনত পুনৰ ৪৭ টা এপ, এক ছেপ্টেম্বৰত ১১৮ টা এপ আৰু ইয়াৰ পিছত ১৯ নৱেম্বৰত ৪৩ টা মোবাইল এপত প্ৰতিবন্ধকতা আৰোপ কৰে।

চীনৰ সৈতে ভাৰতৰ ১৯৬২ ৰ অভিজ্ঞতা আছে

'বিকশিত ভাৰত@২০৪৭' সন্মিলনত এছ জয় শংকৰে নিজৰ ভাষণত চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ কথা স্মৰণ কৰি কয়, ‘’চীনৰ সৈতে ভাৰতৰ ১৯৬২ চনৰ অভিজ্ঞতা আছে। ইয়াৰ পিছত ১৯৮৮ চনত ৰাজীৱ গান্ধী চীনলৈ গৈছিল আৰু দুয়োখন দেশৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ ই এক প্ৰকাৰৰ পদক্ষেপ আছিল।

তেওঁ কয় "এই সময়ছোৱাত দুয়োখন দেশৰ মাজত সীমান্তত শান্তি বজাই ৰখাৰ বাবে সন্মত হৈছিল। কিন্তু ২০২০ চনত যি ঘটিল তাৰ পিছত, তেওঁলোকৰ সৈতে সম্পৰ্ক পুনৰ সলনি হৈছে।''

এছ জয়শংকৰে কয়, "২০২০ ত চীনে ভাৰতৰ সৈতে কেইবাটাও চুক্তি উলংঘা কৰিছে আৰু সীমান্তত বৃহৎ সংখ্যক সৈন্য সঞ্চালন কৰা আৰম্ভ কৰে। তেওঁলোকে এই কাম এনে এটা সময়ত কৰিছিল যেতিয়া ভাৰতে কোভিড লকডাউনৰ মাজেৰে আগবাঢ়িছিল। ভাৰতেও চীনৰ এনে কাৰ্যৰ প্ৰতিক্ৰিয়া স্বৰূপে সীমান্তত সৈন্য মোতায়েন বৃদ্ধি কৰে আৰু ইয়াৰ মাজতে গালৱানত সংঘৰ্ষ হয়।''  

আমি দেশৰ নিৰাপত্তাক উপেক্ষা কৰিব নোৱাৰো

চীনৰ সৈতে এনে তিক্ততা পূৰ্ণ সম্পৰ্কৰ কথা দোহাৰি এছ জয় শংকৰে সন্মিলনখনত পুনৰ কয়, ভাৰতীয় নাগৰিক হিচাপে আমি দেশৰ নিৰাপত্তাক উপেক্ষা কৰিব নোৱাৰো। এয়া দেশৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান। কিন্তু ইয়াৰ মাজতো এক ডাঙৰ অৰ্থনৈতিক প্ৰত্যাহ্বানো আছে। বিগত বছৰবোৰত আমি আমাৰ উৎপাদন আৰু আন্তঃগাঁথনি খণ্ডক অৱহেলা কৰি আহিছোঁ।

সীমান্তত চীনৰ সৈতে ভাৰতৰ এনে সম্পৰ্কৰ পাছতো ভাৰতীয় ব্যৱসায়ীসকলে চীনৰ পৰা ইমান সামগ্ৰী কিয় ক্ৰয় কৰে?  কাৰণ তেওঁলোকৰ উৎপাদনৰ পৰিমাণ অধিক। তেওঁলোক আন্তঃগাঁথনি ক্ষেত্ৰত অধিক দক্ষ। তেওঁলোকৰ ৰাজ্য সাহায্যৰ এক সুন্দৰ প্ৰণালী আছে যাৰ বাবে তেওঁলোক লাভাম্বিত হয়।

তেওঁ কয়, চীনৰ পৰা এইদৰে সামগ্ৰী ক্ৰয় কৰাটো দেশৰ বাবে ভাল নে এই দিশটোও চিন্তা কৰা উচিত। ইয়াৰ বিপৰীতে আন এক উৎসৰ ওপৰত নিৰ্ভৰ কৰাটো আপোনাৰ ব্যৱসায়ৰ বাবে ভাল নেকি? কিয়নো চীন এনে এখন দেশ যি ব্যৱসায়ৰৰ বাহিৰৰ যিকোনো ৰাজনৈতিক কাৰণত যিকোনো সময়তে আপোনাৰ সুবিধা ল'ব পাৰে।

ৰাজনীতি-ব্যৱসায় একাকাৰ নকৰা দেশৰ লগত গঢ়িব লাগে সম্পৰ্ক

এছ জয় শংকৰে ভাষণত পুনৰ কয়, যে, "পৃথিৱীৰ বহু দেশে বৰ্তমান অৰ্থনৈতিক সুৰক্ষাৰ বিষয়ে আলোচনা কৰি আছে। দেশবোৰে বিশ্বাস কৰে যে, কিছুমান মূল ব্যৱসায় দেশৰ ভিতৰত থাকিব লাগে। যোগান শৃংখলা সৰু হ'ব লাগে। সকলোবোৰ উৎপাদন নকৰিলেও, যোগান শৃংখলা নিৰ্ভৰযোগ্য হ'ব লাগে।এয়া এনে এখন দেশৰ সৈতে হ'ব লাগে যিয়ে ৰাজনীতি আৰু ব্যৱসায়ক একাকাৰ নকৰে, যাৰ সৈতে আপোনাৰ সীমাৰ বিবাদ নাই।

এই বিষয়টো সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত নাই। ইয়াৰ এটা ডাঙৰ অংশ ব্যৱসায়ীসকলে লোৱা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। চৰকাৰে নিশ্চিতভাৱে এই কামত সহায় কৰিব পাৰে কিন্তু ই সকলো ক্ষেত্ৰতে কাম কৰিব নোৱাৰে। কিন্তু চৰকাৰ দেশৰ আন বহু খণ্ডৰ বিষয়ত অতি সংবেদনশীল।

সীমান্তত উত্তেজনা অথচ চীনেই ভৰসাঃ অসহায় বিদেশ মন্ত্ৰীয়ো...
উত্তৰ প্ৰদেশত ৮০ খনৰ ৭৯ খন আসনেই পাব INDIAইঃ অখিলেখ যাদৱৰ দাবী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in