/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/9a52b410-837e-4f04-addc-cf1f881dfeb1.jpg)
কেনেকৈ চলি আছে খাদী বৰ্ড? আনৰ পিঠাৰে বিহু পাতে এই বিভাগে। তথ্য বিচাৰিলে নাটক কৰে এই বিভাগৰ বিষয়াই। সুদীৰ্ঘ ৪০ দিন অহা -যোৱা কৰাৰ পাছত অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ পলাশ জ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন…
গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰি ঘৰুৱা উৎপাদনেৰে এক সমৃদ্ধিশালী ভাৰতীয় গ্ৰাম্য সমাজৰ সপোন দেখিছিল গান্ধীজীয়ে। সূতা কাটি নিজৰ বস্ত্ৰ নিজেই তৈয়াৰ কৰি লোৱা জাতিৰ পিতাৰ এই সপোনৰ ভেটিত জন্ম দিছিল ৰাষ্ট্ৰীয় খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড। কিন্তু কালক্ৰমত গ্ৰাম্য সমাজক স্বনিৰ্ভৰশীল কৰাৰ এই সপোনৰ বোকোচাত উঠি একাংশ আমোলা আৰু ৰাজনৈতিক নেতাই উক্ত বৰ্ডক কেন্দ্ৰীয় চৰকাৰৰ পৰা আৱন্টিত ন্যস্ত স্বাৰ্থ পূৰণৰ খনি ৰূপে ব্যৱহাৰ কৰিবলৈ লোৱা পৰিণতিতেই দেশৰ বিভিন্ন স্থানত খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড পৰৱৰ্তী সময়ত প্ৰহসন স্বৰূপ হৈ পৰিল। এই ক্ষেত্ৰত অসমৰ স্থান যেন সকলোৰে ওপৰত। জি এন বি ৰোডৰ চানমাৰিত বাপুজীৰ গ্ৰেনাইড পাথৰত খোদিত প্ৰতিমূৰ্তিসহ চালেই চকু চাপ মাৰি ধৰা আটকধুনীয়া খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ মুখ্য কাৰ্যালয়টো দেখিলে ধাৰণাই কৰিব নোৱাৰি যে অসমৰ প্ৰতিখন নগৰ-চহৰতেই খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ নামত থকা ভূমি আৰু সম্পত্তি তথা বিভিন্ন উদ্যোগ জহি-খহি যোৱা পৰিলক্ষিত হৈছে। ইয়াৰ লগতে এই সমূহত কৰ্মৰত বহু কৰ্মচাৰীৰ চাকৰিও নোহোৱা হৈছে। খাদী উৎপাদনৰ নামত চানমাৰিস্থিত বিপনীলৈ গ'লেই যিবোৰ কাপোৰ বা অন্যান্য সামগ্ৰী দেখা যায়, তাৰ অধিকাংশই আনৰ পৰা ক্ৰয় কৰা। অথচ প্ৰতি বছৰেই এই বৰ্ডৰ উৎপাদন আৰু উন্নয়নৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা আৱন্টিত হয় কোটি কোটি টকা। খাদী বৰ্ডৰ বিপনীবোৰত বিক্ৰী হোৱা মৌ, মিঠা তেল এৰি, পাত মূগাৰ উৎপাদন দৰাচলতে অসমৰ খাদী বৰ্ডৰ কোনো শাখাতে কৰা নহয়।
বিভাগটোৰ উন্নয়নৰ বাবে আৱন্টিত এটা অংশ ধনৰেই এনে বস্ত্ৰ বা সামগ্ৰী ক্ৰয়ৰ বিপৰীতে বাকীসমূহ ধন বৰ্ডৰ অধ্যক্ষ তথা কাৰ্যবাহী বিষয়াৰ যান-বাহন দা-দৰমহা তথা অন্যান্য সা-সুবিধা আদিত ব্যয় কৰা হয়। ৰাইজে জানি আচৰিত হ'ব যি খাদী বৰ্ডৰ অধ্যক্ষগৰাকী কেবিনেট মন্ত্ৰী পৰ্যায়ৰ, বৰ্ডৰ সদস্যসকলেও প্ৰতিখন বৈঠকৰ নামত লাভ কৰে বৃহৎ পৰিমানৰ ধন, অথচ সেই খাদী বৰ্ডৰ বৃহৎ সংখ্যক কৰ্মচাৰীৰ পদ ধন আৰু কামৰ অভাৱতেই বন্ধ হৈ আছে। এই বিষয়বোৰৰ সন্দৰ্ভত প্ৰকৃত সত্য জানিবলৈকে আমি কাষ চাপিছিলো খাদী বৰ্ড কাৰ্যবাহী বিষয়াৰ। তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত কিছুমান তথ্য বিচাৰি আমি আবেদন জনাইছিলো। বিষয়ৰ স্বাভাৱিক চাতুৰ্য্যৰে তেওঁ আমাক কেইদিনমান দৌৰোৱাৰ পাছত যি তথ্য দাঙি ধৰিলে তাৰ বাহিৰেও আমাৰ হাতত বহু তথ্য আছে যদিওঁ বিষয়াগৰাকীয়ে দাঙি ধৰা তথ্যতে ওলাই পৰে গান্ধীজীৰ সপোনৰ খাদী বৰ্ডৰ বৰ্তমানৰ ধুবাংবাং অৱস্থা।
খাদী বোৰ্ডৰ কাম সম্পাদন কৰিবৰ বাবে প্ৰয়োজনীয় কৰ্মচাৰীৰ ৫০ শতাংশও নাই বিভাগটোত৷ বছৰৰ পিছত বছৰ ধৰি কৰ্মচাৰীসকলে নিৰ্দিষ্ট সময়ত অব্যাহতি লৈছে যদিও নিযুক্তি দিয়া নাই নতুন কৰ্মচাৰীক৷ মহাত্মা গান্ধীৰ সপোনৰ যঁতৰটোৰ সহায়েৰে উৎপাদন কৰা কাপোৰৰ যি বিপ্লৱ দেশত গঢ়ি উঠিছিল সেয়া এতিয়া অতীত৷ একাংশ স্বাৰ্থন্বেষী বিষয়াৰ পকেটত সোমাইছে খাদী বিভাগ৷ বিভাগটোৰ কৰ্মচাৰীৰ মুঠ সংখ্যা হ'ব লাগে ৮৭০ জন৷ ইয়াৰে আছে ৩৩০ জন৷ বৰ্তমান খালী হৈ থকা পদৰ সংখ্যা ৫৪০টা৷ যিসময়ত নিৱনুৱা সমস্যাই গা কৰি উঠিছে সেই সময়তে ৰাজ্যৰ এনে এটা বিয়াগোম নিগমৰ এনে অৱস্থাই বাৰুকৈয়ে চিন্তাত পেলাইছে সচেতন নাগৰিকসকলক৷ নতুনকৈ পথ সৃষ্টি দূৰৰে কথা, খালী হৈ থকা পদসমূহতো নিযুক্তি দিব পৰা নাই চৰকাৰে৷
'আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল।' খাদী বৰ্ড ঠিকে আছে, পিছে নাই কৰ্মচাৰী আৰু কাম। একাংশ কৰ্মচাৰীৰ বাবে খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড এতিয়া কণী পৰা হাঁহৰ দৰে। চৰকাৰী অভিলাসী আঁচনিৰ ধন আত্মসাত কৰাৰ বাবে যেন বৰ্ডৰ একাংশ কৰ্মচাৰীয়ে দৈনিক চেষ্টা কৰি আছ।
মাটিকালিৰ দিশৰ পৰাও খাদীয়ে লাভ কৰিছে বিশেষ বৈশিষ্ট্য৷ খাদী ব'ৰ্ডৰ নিজা মাটিৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পাইছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তথা জিলাত থকা মাটি বিক্ৰী কৰি পকেট গৰম কৰিছে একাংশ স্বাৰ্থলোভী বিষয়াই৷ মাটি বিক্ৰীতে ক্ষান্ত নাথাকি একাংশই ব'ৰ্ডৰ মাটিত অন্যান্য বিভাগক কাৰ্যালয় স্থাপনৰ বাবে মাটি দান কৰিছে৷ তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্যত ৰাজ্যৰ মুঠ ১৪ খন জিলাত খাদী বৰ্ডৰ প্ৰায় ৫৬৭ বিঘা, ১৫ লেচা মাটি থকা বুলি জানিব পৰা গৈছে৷ ইয়াৰে শোনিতপুৰ জিলাত আছে সৰ্বাধিক ২৫৫ বিঘা মাটি৷ আটাইতকৈ কম মাটি আছে মঙলদৈ আৰু লখিমপুৰ জিলাত৷ এই দুখন জিলাত খাদী ব'ৰ্ডৰ মাটিৰ পৰিমাণ ৩ বিঘা৷
ৰাজ্যৰ বহুকেইটা বিভাগে বৰ্তমান ভাড়াঘৰত কাৰ্যালয় স্থাপন কৰি কাম কাজসমূহ চলাবলগীয়া হৈছে৷ তেনেস্থলত এনেদৰে বিঘাই বিঘাই মাটি পেলাই থৈ কাৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে ব'ৰ্ডখনে সেয়া ৰহস্যজনক কাৰণত কাৰোৰে জ্ঞাত নহয়৷ ধনৰ বিনিময়ত হেঙেৰাবাৰীত থকা খাদী বোৰ্ডৰ মাটিৰ কিছু পৰিমাণ ইতিমধ্যেই অইন এটা বিভাগলৈ হস্তান্তৰ কৰাৰ তথ্যও পোহৰলৈ আহিছে৷ অৱশ্যে বিভাগটোৱে যোগান ধৰা তথ্যত এই কথা প্ৰকাশ নাই৷ দ্ৰুত উন্নয়নৰ লগে লগেই ৰাজ্যত চহৰ নগৰৰ সংখ্যাও বৃদ্ধি পাইছে৷ বৃদ্ধি পাইছে মাটিৰ চাহিদাও৷ পূৰ্বৰ ৫০ হাজাৰ টকীয়া মাটি টুকুৰাৰ বৰ্তমানৰ মূল্যই লাখ ঘৰ পাৰ কৰিছে৷ বিলাসী স্বপ্নৰ বোকোচাত উঠি উন্নয়নৰ ফটা ঢোল বজাই ডিঙিৰ শিৰ ফুলাই উদ্যোগিকৰণৰ কথা কোৱা এইখন চৰকাৰৰ উদ্যোগ বিভাগ ঘোৰ নিদ্ৰাত৷
প্ৰায়ে আপুনি বা মই জানো এফাঁকি বাক্য। বাহিৰে ৰং চং ভিতৰি কোৱাভাতুৰী৷ খাদী আৰু গ্ৰামদ্যোগ বোৰ্ডৰ অধ্যক্ষ এজন কেবিনেট মন্ত্ৰী পৰ্যায়ৰ বিষয়া৷ সেই অধ্যক্ষজনৰ বাবে আছে কাৰ্যালয়ত আছে এক সুসজ্জিত কোঠা৷ কিন্তু কাৰ্যালয়টোত নাই উৎপাদন৷ তেনেই তথৈবচ অৱস্থাত উৎপাদন আৰু বিক্ৰীৰ খাতিয়াত এনেধৰণৰ- ২০১৭-১৮ বৰ্ষত খাদীৰ মুঠ উৎপাদনৰ বিক্ৰীৰ পৰিমান ক্ৰমে- কটন কাপোৰ ০.০৬ কিউবিক মিটাৰ, ছিলক কাপোৰ ০.০৬ কিউবিক মিটাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/e239b991-5896-45d7-83ff-d505aff681fb.jpg)
এই তথ্য দেখিলে সহজেই অনুমেয় খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডে ২ অক্টোবৰৰ সময়ত চানমাৰিস্থিত কাৰ্যালয় চৌহদত অনুষ্ঠান পাতি ৰাজহুৱা কৰা তথ্য কিমান ভ্ৰান্ত। আপোনাৰ-মোৰ দৃষ্টিত কেইখন মান চিৰপৰিচিত ছবি। ১৫ আগষ্টৰ পূৰ্বে সংবাদমাধ্যমতো প্ৰকাশ পাই জাতীয় পতাকা চিলোৱাত ব্যস্ত খাদী বৰ্ডৰ শিপিনীৰ ছবি। পিছে এনে নগণ্য পৰিমাণ কাপোৰ উৎপাদন কৰা বিয়াগোম বৰ্ডখনে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত যে ব্যৰ্থ হ'ব সেয়া সহজেই বোধগম্য।
মৌ উৎপাদনৰ ক্ষেত্ৰতো খাদী বৰ্ডে ব্যয় কৰে লক্ষ লক্ষ টকা। খাদী ব'ৰ্ডৰ মৌ উৎপাদন আৰু বিক্ৰীৰ পৰিমান ২০১৭-১৮বৰ্ষত ১৩.৪৬ কুইণ্টল। মৌ পালন কৰাৰ বাবে অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ আছে ১৭টাকৈ কেন্দ্ৰ। সেইসমূহ ক্ৰমে- বকো, গোৰেশ্বৰ, শৰাইঘাট, বাইহাটা চাৰিআলি, মুছলপুৰ, ধমধমা, তামোলপুৰ, জালাহ, আউলাচৌকা, পানেৰী, টংগলা, দুনী, জামুগুৰিহাট, বালিপাৰা, কৰিমগঞ্জ, জপৰাজান আৰু লাংটিং।
জনমানসত এটা কথা প্ৰচলিত হৈ আহিছে- যিকোনো সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত শুদ্ধ আৰু সঠিক পথ অৱলম্বন কৰে চৰকাৰী বিভাগসমূহে। হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে কাপোৰ তৈয়াৰ কৰি ৰাজ্যৰ লগতে দেশ-বিদেশৰ বজাৰত সমাদৰ বুটলিছে। মৌ পালনৰ ক্ষেত্ৰতো অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ আছে এক সুনাম। কিন্তু ৰাজ্যখনত প্ৰয়োজন হোৱা মৌ উৎপাদন কৰাৰ ক্ষেত্ৰত অক্ষম এই ব'ৰ্ড। উন্নত প্ৰযুক্তিৰ যন্ত্ৰপাতি তথা যন্ত্ৰপাতি পৰিচালনা কৰিব পৰা লোকৰ অভাৱেই ইয়াৰ মূল কাৰণ। কোনো ঠাইত তেনে যন্ত্ৰপাতি আছে যদিও, সময়ৰ গৰাহত মামৰে নিঃশেষ কৰিছে সেইসমূহ যন্ত্ৰ।
সৰিয়হ ঘাণীৰ ক্ষেত্ৰতো খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ আছে এক সুকীয়া পৰিচয়। ২০১৭-১৮ বৰ্ষত এই ব'ৰ্ডে ২৩টা ঘাণীত উৎপন্ন কৰিছে কেবাহাজৰ লিটাৰ মিঠা তেল। সৰ্বাধিক ১০০ কুইণ্টল সৰিয়হ ব্যৱহাৰ কৰি হেঙৰাবাৰীত প্ৰস্তুত কৰিলে ৩২০০ লিটাৰ সৰিয়হৰ তেল। নুনমাটিত আছে খাদী বৰ্ডৰ এটা ঘাণী। এই ঘাণীৰ পৰা ২০১৭-১৮বৰ্ষত প্ৰস্তুত হ'ল ১৬০০ লিটাৰ তেল। বৰ্ডখনৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা ঘাণী সমূহ বৰ্তমান এৰাল ছিগা গৰুত পৰিণত হৈছে। যদিওবা সৰিয়হৰ পৰা তেল প্ৰস্তুত কৰি থকা হৈছে, কিন্তু সেই তেল মেচিনত পেৰাৰ বিনিময়ত গ্ৰাহকক একো একোখন চালান দিব লাগে যদিও, সেই চালান নিদিয়াকৈয়ে কাম সম্পাদন কৰিছে পৰিচালকসকলে। উদাহৰণস্বৰূপে আমি নুনমাটিৰ ঘাণীটোৰ কথাই ক'ব পাৰো। মূলতঃ খাদী ব'ৰ্ডৰ সৰিয়হ পেৰি তেল প্ৰস্তুত কৰিবৰ বাবে গঢ়ি উঠা ঘাণী সমূহত বাহিৰৰ একাংশ লোকেও সৰিয়হ পেৰে যদিও তেওঁলোকক দিয়া নহয় চালান।
পূৰ্বৰে পৰা থকা নুনমাটিস্থিত ঘাণী মিলটো পুনৰ নিৰ্মাণৰ কিছু তথ্য আমাৰ হাতত আছে যদিও, বিভাগৰ তৰফৰ পৰাও আমি সেইকথাত জানিবলৈ চেষ্টা কৰাত তেওঁলোকৰ পৰা পোৱা তথ্য অনুসৰি মাত্ৰ এখন চালিহে পুনৰ নিৰ্মাণ কৰা হোৱা বুলি জানিব পৰা গৈছে। পৰিৱৰ্তনৰ শ্ল'গান দি অসমৰ ৰাইজৰ বিশ্বাস আদায় কৰি গাদীত ঠিকেই বহিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ। জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰতহে তিল মানো গুৰুত্ব নাই চৰকাৰখনৰ।
উন্নয়নৰ ফটা ঢোল বজাই দৰিদ্ৰক শোষণ কৰা এইখন চৰকাৰে খাদী ব'ৰ্ডৰ নামত ২০১৭-১৮ বিত্তীয় বৰ্ষত পুনৰ নিৰ্মাণ তথা অন্যান্য কিছু কামৰ বাবে খাডী আৰু গ্ৰামোদ্যোগ বৰ্ডক ৭.৯২ কোটি টকা মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰিছিল। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সাংবাদিকক এই তথ্য যোগান ধৰাৰ সময়লৈকে চৰকাৰে এই টকা মুকলাই দিয়া নাই বুলি উল্লেখ কৰে খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ নিৰ্মাণ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে।
সেয়া আছিল ১৫ বছৰীয়া পৰিক্ৰমা। চৰকাৰ গঠন কৰি কংগ্ৰেছে উন্নয়নৰ হকে গুৰুত্ব দিছিল। পিছে উন্নয়নৰ সেই ধাৰাৰ কথা মাত্ৰ কেইবছৰমানতে কংগ্ৰেছে পাহৰিছিল। ৰাইজে কংগ্ৰেছক প্ৰত্যাখান কৰিছিল। নতুন শাসন ব্যৱস্থা আৰম্ভ হৈছিল। এটা সময় আহিছিল। পৰিৱৰ্তনৰ নাম লৈ চৰকাৰ গঠন কৰিছিল বিজেপিয়ে। কংগ্ৰেছৰ শাসনত অতিষ্ঠ অসমবাসীয়ে অপশাসনৰ পৰা মুক্তি বিচাৰিছিল। বিজেপিয়ে নিবনুৱা সমস্যা সমাধান, ৰাজ্যৰ উদ্যোগ খণ্ডৰ উন্নয়নৰ সপোন দেখুৱাইছিল ৰাজ্যবাসীক। পৰিৱৰ্তন ঢৌ বুলিছিল ৰাজ্যত। এই সুযোগতে একালৰ ছাত্র নেতা সৰ্বানন্দ সোণোৱাল ঠিকেই মুখ্যমন্ত্ৰী হ'ল। তেওঁ পাহৰিলে সেই প্ৰতিশ্ৰুতিসমূহ। এতিয়া ঘোৰ নিদ্ৰাত সেইখন চৰকাৰৰে উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী। বাক চাতুৰ্যতাৰে ৰাজ্য চৰকাৰৰ সকলো বিভাগৰে প্রশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি যোৱা মন্ত্ৰীজনৰ যেন বৰঘৰতে বৰষুণৰ পানী পৰে। আনৰ ঘৰৰ চালি হবলৈ যাওঁতে এফালৰ পৰা গেলিছে তেওঁৰ বিভাগ।
পূৰ্বৰ তুলনাত ৰাজ্যত কৃষকৰ আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাইছে। ডিজিটেল ইণ্ডিয়াৰ সপোন দেখা ডিজিটেল চৰকাৰৰ ডিজিটেল চিন্তাত ঘূণে ধৰিছে। জাগীৰোডৰ কাগজ কল, চন্দ্ৰপুৰৰ তাপবিদ্যুত প্ৰকল্প, সূতা কল, ৰূপনগৰৰ অসম নিৰ্মান নিগম ইত্যাদি ইয়াৰে উদাহৰণ।
এনে কিছু উদ্যোগ এইখন ৰাজ্যতে আছে য'ত দৰমহাৰ নামত কেইবামাহৰ লৈকে ফুটাকৰি এটাও নাপাই কৰ্মচাৰীয়ে। পঢ়া শুনা বিসৰ্জন দিবলগীয়া হৈছে একাংশ কৰ্মচাৰীৰ পৰিয়ালৰ লোকে। বিহু পূজা একো একোটা ভয়ানক শব্দত পৰিণত হৈছে।
খাদীৰ প্ৰথম আৰু প্ৰধান লক্ষই আছিল গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰা। এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা হৈছিল ৰাজ্যত। নিজে নিজৰ প্ৰয়োজন হোৱা কাপোৰ সাজ প্ৰস্তুত কৰি উলিয়াবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল ৰাজ্যবাসী। খাদী বস্ত্ৰ উৎপাদনৰ জৰিয়তে গাঁও অঞ্চলৰ শিপিনী সকলক তথা সকলো লোককে এক কৰি সৃষ্টিৰ সপোন দেখা হৈছিল। সেই সপোনৰ জন্ম হৈছিল ইতিহাসৰ কোনো এক গৌৰৱময় ক্ষণত গান্ধীজীয়ে দেখুৱাই যোৱা এটা বাটেৰে। স্ব- নিয়োজন আৰু স্ব- নিৰ্ভৰশীল আছিল প্ৰথম আৰু প্ৰধান উদ্দেশ্য। বৰ্হিৰাজ্যৰ পৰা আমদানি হোৱা কাপোৰ বৰ্জন কৰি থলুৱা উৎপাদিত কাপোৰেৰে ৰাজ্যৰ বজাৰ ভৰুৱাৰ বাবে খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড জন্মৰে পৰা এক সুসংগঠিত ধাৰাৰ সূচনা হৈছিল।
খাদী বৰ্ডৰ আজিৰ তাৰিখত যিসমূহ কাপোৰ বিক্ৰী কৰা হয়, সেই কাপোৰ সাধাৰণ মানুহে কিনিবৰ বাবে প্ৰায়ে অসম্ভৱ হোৱা পৰিলক্ষিত হয়। চৰা দামত বহিঃকোম্পানী তথা অন্যান্য প্ৰতিষ্ঠানৰ পৰা কাপোৰসমূহ আনি প্ৰদৰ্শনীৰ দৰে ৰাজ্যৰ প্ৰায় ৪০খন বিপনীত খাদী বৰ্ডে সজাই থয় এইসমূহ কাপোৰ। মন্ত্ৰী-আমোলাসকলে ঋতুত গছে পাত সলোৱাৰ দৰে আহি সময়ে সময়ে অধিক দামত এইসমূহ কাপোৰ কিনি নিয়ে। খাদী বৰ্ডৰ পৰা কাপোৰ কিনি এইসকল মন্ত্ৰী-আমোলাই নিজৰ শৰীৰটোত থলুৱা পোছাকেৰে ঢাকি ৰখাৰ নাটক কৰি বিভাগটোৰ উন্নয়নৰ এখন ছবি দাঙি ধৰিবলৈ চেষ্টা কৰে। খাদী বৰ্ডৰ বিক্ৰী তথা উৎপাদন সন্দৰ্ভত কাৰ্যালয়ৰ কোনো বিষয়াক সুধিলে তেওঁলোকেও কয়- 'তৰুণ গগৈয়েও খাদী বৰ্ডৰ প্ৰায়ে কাপোৰ নিয়ে।'
গাঁৱে-ভূঞে থকা সৰু সৰু খাদী উদ্যোগ সমূহত থলুৱা যুৱকসকলক নিয়োজিত কৰিব পাৰিলে নিবনুৱা সমস্যাৰ ক্ষেত্ৰত দেখা দিয়া ভয়াৱহতাই ক্ষন্তেকৰ বাবে হ'লেও আশাৰ ৰেঙণি আনিব। তেনেকৈ যুৱকসকলক নিয়োজিত কৰাৰ এটা সপোন দেখিছিল খাদী বৰ্ড গঠনত পৰোক্ষভাৱে হ'লেও সমৰ্থন আগবঢ়োৱা গাঁৱৰ মাটি-পানীৰে পৰিপুষ্ট একাংশ লোকে। আনৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল খাদী বৰ্ড আজিও সেই পৌৰাণিক প্ৰযুক্তিৰেই চলি আছে। চলাব লাগে বাবেহে যেন চলাই আছে খাদী বৰ্ডৰ কাম-কাজ। গাঁৱৰ পৰিবেশৰ শিপিনী তথা অন্যন্য লোকসকলৰ মনোভাৱ উপলব্ধি কৰি আজিও খাদী বৰ্ডে নিজকে কৰিব পাৰে সংশোধন। আকাশত চাং পতাৰ কথাৰে ভোটাৰক ভোলাই পৰিৱৰ্তনৰ শ্ল'গানেৰে গাদী দখল কৰা চৰকাৰখন সকলোতেই বিফল। বিফল হ'ল গ্ৰাম্য অৰ্থনীতিৰ চিন্তাও। খাদী সাজ-পাৰ পিন্ধি ৰঙা লাইট লগোৱা গাড়ীৰ পৰা নামি খাদী বৰ্ডৰ ভিতৰ ভাগলৈ এবাৰ সোমাই চোৱাৰ এতিয়া প্ৰয়োজন আছে বৰমূৰীয়াসকলৰ।