নতুনকৈ গৃহ নিৰ্মাণ কৰিবলগীয়া সকলৰ বাবে এটা বেয়া খবৰ…

নতুনকৈ গৃহ নিৰ্মাণ কৰিবলগীয়া সকলৰ বাবে এটা বেয়া খবৰ…

author-image
asomiyapratidin
New Update
নতুনকৈ গৃহ নিৰ্মাণ কৰিবলগীয়া সকলৰ বাবে এটা বেয়া খবৰ…

ডিজিটেল ডেস্কঃনতুনকৈ যদি আপুনি ঘৰ বনোৱাৰ কথা ভাবিছে, তেন্তে আপোনাৰ বাবে আছে বেয়া খবৰ। গ্ৰাহকক মাধমাৰ শোধাই চৰম মইমতালিৰে পুনৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লৈছে চিমেন্ট কোম্পানীসমূহে। বুধবাৰে মাজনিশাৰ পৰা ষ্টাৰ-ডালমিয়া-টপচেম চিমেন্টৰ দাম প্ৰতিবেগত বৃদ্ধি পাইছে ১০ টকাকৈ।

চিমেন্ট কোম্পানীসমূহৰ এই হঠকাৰী সিদ্ধান্তত গৃহ নিৰ্মাণ কৰিবলৈ পৰিকল্পনা কৰি থকা মধ্যবিত্ত, নিম্ন মধ্যবিত্তৰ মূৰত ৰামটাঙোন শোধাইছে। উল্লেখ্য যে, অসমত লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰতিবেগ চিমেন্টত ৫ টকাকৈ বৃদ্ধি কৰিছিল চিমেন্ট কোম্পানী সমূহে।

লক্ষ্যনীয়ভাৱে বৰ্তমান ষ্টাৰ চিমেন্ট প্ৰতিবেগত বিক্ৰী হৈছে ৪০৯ টকা দৰত। একেদৰে টমচেম চিমেন্ট ৪০৪ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ডালমিয়া বিক্ৰী হৈছে ৪১৫ টকাত।এনেস্থলত বুধবাৰে মাজনিশাৰে পৰা ১০ টকাকৈ বৃদ্ধি পালে স্বাভাৱিকতে বিপাঙত পৰিব গ্ৰাহক ৰাইজ।