Advertisment

ভাৰতত নগদ লেনদেনৰ ওপৰত আয়কৰ আইনৰ অধীনত থকা নিষেধাজ্ঞা আৰু সীমাবদ্ধতা

ভাৰতত আয়কৰ আইনৰ অধীনত নগদ লেনদেন বিভিন্ন প্ৰকাৰৰ। এই বিভিন্ন প্ৰকাৰৰ লেনদেনৰ বাবে আকৌ প্ৰত্যকৰে নিৰ্দিষ্ট এক সীমা নিৰ্ধাৰণ কৰা হৈছে। আয়কৰ আইন অনুসৰি এই নিয়ম পালন কৰাটো সকলোৰে বাবে জৰুৰী।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
নগদ লেনদেন

ডিজিটেল ডেস্কঃ ভাৰতত আয়কৰ আইনৰ অধীনত নগদ লেনদেন বিভিন্ন প্ৰকাৰৰ। এই বিভিন্ন প্ৰকাৰৰ লেনদেনৰ বাবে আকৌ প্ৰত্যকৰে নিৰ্দিষ্ট এক সীমা নিৰ্ধাৰণ কৰা হৈছে।

Advertisment

আয়কৰ আইন অনুসৰি এই নিয়ম পালন কৰাটো সকলোৰে বাবে জৰুৰী। এনে নিয়ম পালন নকৰিলে আপুনি অনাবশ্যক কৰ পৰিশোধৰ জাননী আৰু জৰিমণাৰ পৰাও ৰক্ষা পাব পাৰে।

১) এদিনত ২ লাখৰ ওপৰত অধিন নগদ ধন লাভ কৰাত আছে বাধা

আয়কৰ আইন, ১৯৬১-ৰ ধাৰা ২৬৯এছটি-ৰ অধীনত, কোনো ব্যক্তি বা সংস্থাই এদিনত ২ লাখ টকাৰ অধিক নগদ ধন প্ৰাপ্ত কৰিব নোৱাৰে। এই সীমা এজন ব্যক্তিৰ পৰা একে লেনদেনত কৰা একাধিক লেনদেনৰ ক্ষেত্ৰত প্ৰযোজ্য।

যদি এইদৰে লেনদেন কৰে  তেন্তে সম্পূৰ্ণ লেনদেনৰ সমান জৰিমণা ভৰিব লগীয়া হ’বও পাৰে।

২)  ব্যৱসায়ৰ বাবে ১০ হাজাৰ টকাৰ ওপৰত নগদ ব্যয় নিষিদ্ধ

যদি আপুনি ব্যৱসায়- বৃত্তিগত সম্পৰ্কীয় ব্যয়ৰ বাবে নগদ ১০ হাজাৰতকৈ অধিক পৰিশোধ কৰে তেন্তে  কৰ গণনা কৰা নহ'ব। উদাহৰণ হিচাপে আপুনি যদি কোনো সৰবৰাহকাৰীক ১৫ হাজাৰ টকা নগদ দিয়ে তেন্তে এয়া আপোনাৰ আয়ৰ পৰা কৰ্তন কৰা নহ’ব। পৰিবহণৰ বাবে এই সীমা ৩৫ হাজাৰ টকা। 

৩) ২০ হাজাৰ টকা বা তাতোকৈ অধিক নগদ ঋণ বা জমা দিয়া, লোৱা নিষিদ্ধ


আয়কৰ আইন-১৯৬১ ৰ ধাৰা ২৬৯ এছ এছ আৰু ২৬৯টি-ৰ অধীনত ২০ হাজাৰ টকাত নগদ ঋণ লোৱা আৰু জমা দিয়া নিষিদ্ধ। যদি আপুনি ২৫ হাজাৰ টকা নগদ ঋণ গ্ৰহণ কৰে বা পৰিশোধ কৰে তেনেহলে এয়া আইন ভংগ কৰা হ’ব। এই নিয়ম ভংগ কৰিলে ১০০ শতাংশ পৰ্যন্ত জৰিমণা হ’ব পাৰে। 


৪) ২ লাখ টকা বা তাৰো অধিক ব্যক্তিগত খৰচ নগদ কৰা নিষিদ্ধ


বিবাহ বা অন্যান্য ব্যক্তিগত খৰচৰ ক্ষেত্ৰত ২ লাখ টকাৰ অধিক নগদ লেনদেন কৰা নিষিদ্ধ। যদি আপুনি কোনো বিক্ৰেতাক ২ লাখ টকাৰো অধিক নগদ প্ৰদান কৰে তেনেহলে আপুনি আৰু বিক্ৰেতা উভয়েই আয়কৰ আইনৰ অধীনত তদন্তৰ আওঁতালৈ আহিব পাৰে। 


৫) ৫০ হাজাৰ টকা বা তাতোকৈ বেছি নগদ ধন বেংকত জমা দিলে পান নম্বৰ প্ৰদান বাধ্যতামূলক


যদি আপুনি বেংকত ৫০ হাজাৰ টকাৰ অধিক নগদ জমা দিয়ে তেন্তে আপুনি পান নম্বৰ প্ৰদান কৰা বাধ্যতামূলক। ইয়াৰোপৰি এটা আৰ্থিক বছৰত ১০ লাখ টকাৰ অধিক নগদ জমা দিলে আয়কৰ বিভাগক ইয়াৰ ৰিপ’ৰ্ট জমা দিব লাগিব।


৬) ২ লাখ টকাৰ অধিক মূল্যৰ সম্পত্তি ক্ৰয় বিক্ৰয়ত নগদ ব্যৱহাৰ নিষিদ্ধ


যদি আপুনি ২ লাখ টকাৰ অধিক সম্পত্তি ক্ৰয় কৰে বা বিক্ৰী কৰে তেনেহলে কেৱল বেংকিং মাধ্যম ব্যৱহাৰ কৰি পেমেণ্ট কৰিব লাগিব। 

নগদ লেনদেনৰ বাবে কিয় সতৰ্কতা জৰুৰী?

দেশৰ আয়কৰ বিভাগে নগদ লেনদেনৰ ওপৰত কঠোৰ দৃষ্টি ৰাখি আহিছে। এই নিয়মসমূহ ভংগ কৰিলেই আয়কৰ বিভাগে কঠোৰ শাস্তি বিহিব পাৰে। প্ৰচুৰ পৰিমাণে জৰিমণা ভৰিবলগীয়া হব পাৰে। আয়কৰ সম্পৰ্কীয় গোচৰৰ পৰা পৰিত্ৰাণ পাবলৈকে এই নিয়মসমূহ পালন কৰাটো অতি গুৰুত্বপূৰ্ণ। 

 

আয়কৰ বিভাগ