অৰ্থনৈতিক সমীক্ষাঃ পেট্ৰ’ল, ডিজেলৰ দাম কমাৰ সম্ভাৱনা, পুৰুষ-মহিলা উভয় কৰ্মচাৰীৰ অৱসৰ বয়স বৃদ্ধিৰ পৰামৰ্শ….

অৰ্থনৈতিক সমীক্ষাঃ পেট্ৰ’ল, ডিজেলৰ দাম কমাৰ সম্ভাৱনা, পুৰুষ-মহিলা উভয় কৰ্মচাৰীৰ অৱসৰ বয়স বৃদ্ধিৰ পৰামৰ্শ….

author-image
asomiyapratidin
New Update
অৰ্থনৈতিক সমীক্ষাঃ  পেট্ৰ’ল, ডিজেলৰ দাম কমাৰ সম্ভাৱনা, পুৰুষ-মহিলা উভয় কৰ্মচাৰীৰ অৱসৰ বয়স বৃদ্ধিৰ পৰামৰ্শ….

ডিজিটেল ডেস্কঃ শুকুৰবাৰে সংসদত পুৰ্ণাংগ বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কেন্দ্ৰীয় বাজেট দাখিলৰ প্ৰাকক্ষণত যোৱা বৃহস্পতিবাৰে সীতাৰমণে দাখিল কৰে ২০১৮-১৯ বৰ্ষৰ অথৰ্নৈতিক সমীক্ষা। এই সমীক্ষাত ২০১৯-২০ বৰ্ষত দেশৰ জি ডি পি অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৭ শতাংশলৈ বৃদ্ধিৰ পুৰ্বানুমান কৰা হয়। এই সমীক্ষাত অহা ৬ বছৰৰ ভিতৰত দেশে যাতে ৫ কোটি ডলাৰৰ অৰ্থনীতিলৈ উন্নীত হয় তাৰো ৰূপৰেখা অংকন কৰা হয়। লোকসভাত দাখিল কৰা এই সমীক্ষাত কোৱা হৈছে যে, এই লক্ষ্যত উপনীত হ'বলৈ অৰ্থনৈতিক বিকাশৰ হাৰে চুব লাগিব ৮ শতাংশ। মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৭ শতাংশ বৃদ্ধি পালে ভাৰতে চেৰ পেলাব চীনক।

লোকসভাত বিত্তমন্ত্ৰী গৰাকীয়ে দাখিল কৰা অৰ্থনৈতিক সমীক্ষাঃ

  • ২০১৯-২০ বৰ্ষত অৰ্থনৈতিক বিকাশৰ হাৰ ৭ শতাংশ হোৱাৰ সম্ভাৱনা।
  • ২০১৮-১৯ বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৩.৪ শতাংশ।
  • ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰাজহ ঘাটি পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। ২০১৮-১৯ বৰ্ষত ৰাজহ ঘাটি ৫.৮ শতাংশ।
  • ২০১৮-১৯ বৰ্ষত ঘৰুৱা উৎপাদন ৬.৮ শতাংশৰে ভাৰত আছিল বিশ্বৰ দ্ৰুত বিকাশশীল প্ৰধান অৰ্থনীতি।
  • ২০২৪-২৫ বৰ্ষৰ ভিতৰত দেশক ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি কৰাৰ বাবে বিকাশৰ হাৰ হ'ব লাগিব বছৰি ৮ শতাংশ।
  • স্বচ্ছ ভাৰত অভিযানঃ ২০১৯ বৰ্ষৰ জুনপৰ্যন্ত দেশৰ ৯.৫ কোটি শৌচাগাৰ নিৰ্মাণ।দেশৰ ৯৩.১ শতাংশ ঘৰত শৌচাগাৰ ব্যৱস্থা সম্পূৰ্ণ।
  • স্বচ্ছ ভাৰত অভিযানক সুন্দৰ ভাৰত আচনি ৰূপে নামাকৰণৰ পৰামৰ্শ।
  • ৫ জি প্ৰযুক্তি হ'ব ভাৰতীয় অৰ্থনীতিৰ বাবে বিৰাট সুযোগ- ডিজিটেল লেনদেন, জ্ঞান আৰু সেৱা অৰ্থনীতিত আনিব বৃহৎ পৰিৱৰ্তন।
  • ২০১৯-২০ বৰ্ষত আন্তজাৰ্তিক বজাৰত খাৰুৱা তেলত মূল্য হ্ৰাসত লাভান্বিত হ'ব ভাৰত- হ্ৰাস পাব পেট্ৰল, ডিজেল আৰু অন্যান্য ইন্ধনৰ মূল্য।
  • শীৰ্ষ কৰ পৰিশোধকাৰী নামেৰে দেশধ গুৰুত্বপূৰ্ণ পথ, ভৱন, স্মাৰক,ৰেল, বিদ্যালয়, বিশ্ব বিদ্যালয়, চিকিৎসালয় নামাকৰণ।
  • গড় আয়ুস বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত পুৰুষ-মহিলা উভয় কৰ্মচাৰীৰ অৱসৰ বয়স বৃদ্ধিৰ পৰামৰ্শ।
  • নিষ্পত্তি নোহোৱা গোচৰৰ বাবে অহা ৫ বছৰত ৮৫২১জন বিচাৰপতি নিযুক্তিৰ পৰামৰ্শ।
  • ভাৰতৰ প্ৰতি তিনিজনৰ এজনেই নুন্যতম দৰমহা আইনৰ অধীনলৈ অহা নাই।