New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/Budget-1.png)
- শুকুৰবাৰে লোকসভাত উত্থাপন হয় মোডী চৰকাৰৰ ২০১৯ বিত্তীয় বৰ্ষৰ অন্তবৰ্তীকালীন বাজেট।
- আগন্তুক ৪ মাহৰ বাবে উত্থাপন কৰা হয় এই বাজেট।
- ৰে'লমন্ত্ৰী পীয়ুষ গোৱেলে লোকসভাত উত্থাপন কৰে বাজেট-২০১৯।
- বাজেটত নিবনুৱা আৰু কৃষক, মহিলাৰ বাবে বিশেষ ঘোষণা।
- দৰিদ্ৰ লোকৰ বাবেও বাজেটত গ্ৰহণ কৰা হৈছে বিশেষ সুবিধা।
- মোডী চৰকাৰৰ শাসন কালত বিগত চাৰে চাৰি বছৰত দেশৰ বিকাশ আৰু উন্নয়ন দ্ৰুততৰ হোৱা বুলি দাবী।
- প্ৰতিটো স্তৰৰ লোকৰ বাবে বাজেটত সকাহ প্ৰদান কৰা হৈছে বুলি মন্তব্য ভাৰপ্ৰাপ্ত বিত্তমন্ত্ৰী পীয়ুষ গোৱেলৰ।
- থুলমুলকৈ বাজেটখন-
- ৫ লাখ পৰ্যন্ত আয়কৰ ৰেহাইৰ ঘোষণা।
- কৃষকৰ ফচলৰ মূল্য বৃদ্ধি কৰি কৃষকক সকাহ প্ৰদান কৰা হৈছে।
- প্ৰস্তুত কৰা হৈছে কেইবাখনো আঁচনি।
- ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে চৰকাৰে প্ৰদান কৰিব বিশেষ সহায়।
- ক্ষুদ্ৰ উদ্যোগধাৰী ব্যৱসায়ীসকলৰ জি এছ টি হ্ৰাস কৰা হৈছে।
- দেশৰ ৰে'লৱে মানচিত্ৰত স্থান পাব মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামে।
- ম'বাইল ডাটা ব্যৱহাৰ ৫০ গুণ বৃদ্ধি পাইছে।
- ব্ৰ'ডগজ ৰে'লৱেৰ ৰখীয়াবিহীন ৰে'ল ক্ৰচিং বিলোপ কৰাৰ ঘোষণা।
- ২০২০ বৰ্ষৰ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা বাজেট ৩ লাখ কোটি টকা অতিক্ৰম।
- গো সুৰক্ষাৰ বাবে ৭৫০ কোটি টকা ঘোষণা।
- গাঁও অঞ্চলৰ মহিলাৰ জীৱন ধাৰণ উন্নত কৰাৰ লক্ষ্য।
- অহা বছৰত ৮ কোটি মহিলাক বিনামূলীয়া ৰন্ধন গেছ প্ৰদানৰ লক্ষ্য চৰকাৰৰ।
- প্ৰধানমন্ত্ৰীৰ উজ্বলা যোজনাৰ অধীনত প্ৰদান কৰা হ'ব বিনামূলীয়া ৰন্ধন গেছ।
- প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ বাবে ১৯ হাজাৰ কোটি টকা আবন্টন।
- গাঁওসমূহতো চহৰৰ দৰে ব্যৱস্থা প্ৰদানৰ সুবিধা কৰা হৈছে।
- প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে
- এম জি এনৰেগাৰ বাবে ৬০ হাজাৰ কোটি টকা আবন্টন।
- ২ হেক্টক কৃষিভূমি থকা সকলক বিশেষ সুবিধা প্ৰদান।
- বিশ্বৰ ভিতৰত ষষ্ঠ স্থানত ভাৰতৰ অৰ্থনীতি বুলি দাবী।
- পূৰ্বৰ চৰকাৰৰ তুলনাত হ্ৰাস পাইছে মূল্যবৃদ্ধি।
- মহাবিদ্যালয়সমূহত ২ লাখ আসন বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে।
- পশুধনৰ বাবে ৰাষ্ট্ৰীয় কামধেনু আয়োগ ঘোষণা।
- নতুন পেঞ্চন আঁচনিৰ ঘোষণা।
- শ্ৰমিকৰ বাবেও পেঞ্চন আঁচনি ঘোষণা।
- বেংকিং ব্যৱস্থাত দ্ৰুতগতিত সংস্কাৰ হৈছে।
- দেশলৈ ৩ লাখ কোটি টকাৰ ঋণ ঘুৰি আহিছে।
- ২২ বিধ শস্যৰ এম এছ পি বৃদ্ধি।
- গো মাতাৰ সংৰক্ষণৰ বাবে বিশেষ কাৰ্যসূচী।
- আয়োগ গঠন কৰিব মীন পালনৰ বাবে।
- পশু পালনৰ কিষাণ ক্ৰেডিত কাৰ্ডৰ ব্যৱস্থা।
- ক্ষুদ্ৰ খেতিয়কক প্ৰতিমাহে বেংক একাউন্টৰ জৰিয়তে প্ৰদান কৰিব ৫০০ টকাকৈ।
- আমি বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যৰক্ষা আঁচনি লৈছো।
- পি এম কিষাণ আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ সহায়ৰ লক্ষ্য।
- এই আঁচনিৰে লাভাৱাম্বিত হ'ব ১২ লাখ কৃষক পৰিয়াল।
- ৩ টা কিস্তিত কৃষকৰ বেংক একাউন্টত এই ধন দিয়াৰ ব্যৱস্থা।
- এম জি এনেৰেগাৰ বাবে ৬০ হাজাৰ কোটি টকাৰ আবন্টন।
- মই সম্পূৰ্ণ বিশ্বাসেৰে ক'ব পাৰো যে ভাৰতবৰ্ষ এতিয়া বিকাশ আৰু সমৃদ্ধিৰ দিশে অগ্ৰসৰ হৈছে।
- আমি পূৰ্বৰ তুলনাত বাজেটত বহু উন্নয়ন সম্ভৱ কৰিছো।
- মুদ্ৰাস্ফীতি ৰোধ কৰিবলৈ সক্ষম হৈছে মোডী চৰকাৰে।
- ২০২২ চনলৈ আমি নতুন ভাৰত গঢ়াৰ লক্ষ্য লৈছো।
- ২০২২ চনৰ ভিতৰত আমি প্ৰতিজন দৰিদ্ৰ লোককে চৰকাৰী ঘৰ দিবলৈ সক্ষম হ'ম।
- আমি বিকাশতো আগবাঢ়িছো, মূল্যবৃদ্ধিও হ্ৰাস কৰিছো।
- সাধাৰণ বৰ্গৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছো আমি।
- মূল্যবৃদ্ধি নিয়ন্ত্ৰণত আছে বুলি দাবী চৰকাৰৰ।
- দেশৰ অৰ্থনীতি দ্ৰুতগতিত আগবাঢ়িছে বুলি দাবী।
- মোডী চৰকাৰৰ দিনতে দৰিদ্ৰতা দূৰ হৈছে।
- গাঁও অঞ্চলত ৯৮ শতাংশ অনাময় আঁচনি সম্পন্ন।
- ৰাজ্যসমূহক ৪২ শতাংশ শ্বেয়াৰ দিয়া হৈছে।
- দেশ প্ৰগতিৰ পথত আগবাঢ়িছে বুলি দাবী পীয়ুষ গোৱেলৰ।
- পূৰ্বৰ তুলনাত ভাৰতত বিদেশী বিনিয়োগ বৃদ্ধি হৈছে।
- ২০১৮ৰ ডিচেম্বৰত মুদ্ৰাস্ফীতিৰ হাৰ ২.১ শতাংশ।
বাজেট সন্দৰ্ভত কি ক'লে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেঃ
- এখন সৰ্বশ্ৰেষ্ঠ বাজেট মন্ত্ৰী পীয়ুষ গোৱেলে উত্থাপন কৰিছে।
- বাজেটত দেশৰ উন্নয়ন, বিকাশ আৰু সমৃদ্ধিয়ে স্থান পাইছে।
- বাজেটৰ প্ৰতিটো অংশতে জনতাৰ হিতাৰ্থে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
- শিশু, মহিলা, নিবনুৱা আৰু দৰিদ্ৰ শ্ৰেণীৰ স্বাৰ্থত এইখন এখন শ্ৰেষ্ঠ বাজেট।
বাজেট সন্দৰ্ভত ডেলাইটৰ সহযোগী নীৰা আহুজাৰ মন্তব্যঃ
- মই এই বাজেটখনক ১০ৰ ভিতৰ ৮.৫ নম্বৰেই দিম।
- মহিলা আৰু নিবনুৱাৰ বাবে এইখন এখন ভাল বাজেট।
- এইখন পূৰ্ণাংগ বাজেট নহয়, কিন্তু দেশৰ প্ৰগতি বাজেটত পৰিস্ফুট।
- এনে এখন বাজেটে দেশৰ স্বাৰ্থত প্ৰয়োজন আছিল।