বাজেট-২০১৯ LIVE UPDATE

বাজেট-২০১৯ LIVE UPDATE

author-image
asomiyapratidin
New Update
বাজেট-২০১৯ LIVE UPDATE

দিনৰ ১২.১৫ বজাঃ 

  • আমাৰ চৰকাৰে ক'লা ধন ঘূৰাই আনিবলৈ সক্ষম হৈছে।
  • বিমুদ্ৰাকৰণৰ পিছত প্ৰথমবাৰৰ বাবে ১ কোটি ৬ লাখ লোকে আয়কৰ আদায় দিছে।
  • দৰিদ্ৰ কৃষকৰ বেংকত প্ৰতিবছৰে ৬০০০ টকা প্ৰদানৰ সুবিধা কৰিছে চৰকাৰে।
  • আমি আগন্তুক বিত্তিয় বৰ্ষটোত ৩ ত্ৰিলিয়ন ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হ'ম।
  • পৰিবহণ, উদ্যোগ খণ্ডৰ পৰা আমাৰ অৰ্থনৈতিক শক্তি বৃদ্ধি পাব।
  • দেশত ২২ খন এইমছ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে।

দিনৰ ১২.১০ বজাঃ 

  • নতুনকৈ ঘৰ ক্ৰয় কৰা সকলৰ বাবে জি এছ টি হ্ৰাসৰ ব্যৱস্থা।
  • ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে জি এছ টি হ্ৰাস কৰা হৈছে।
  • ২৫ লাখতকৈ কম টাৰ্ণ অভাৰৰ ব্যৱসায়ীসকলে প্ৰদান কৰিব লাগিব কেৱল ৬ টকা জি এছ টি।
  • জানুৱাৰী মাহত ১ লাখ ৩ হাজাৰ কোটি আনুমানিক জি এছ টি লাভ কৰা হৈছে।

দিনৰ ১২.০৭ বজাঃ 

  • সংসদত উত্থাপন কৰা হৈছে আগন্তক ৪ মাহৰ বাবে অন্তৱৰ্তীকালীন বাজেট।
  • ভাৰপ্ৰাপ্ত বিত্তমন্ত্ৰী পীয়ুষ গোৱেলে উত্থাপন কৰিছে বাজেট।
  • কৃষকৰ আয় দুগুন হোৱা বুলি দাবী পীয়ুষ গোৱেলৰ।
  • বিগত চাৰে চাৰি বছৰত দেশে কেৱল বিকাশৰ মুখ দেখিছে।
  • ক্ষুদ্ৰ উদ্যেগস্থাপনৰ বাবে বিশেষ সহাস প্ৰদান কৰাৰ ঘোষণা।

দিনৰ ১২.০০ বজাঃ 

  • দেশৰ মানচিত্ৰত স্থান পাব মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামে।
  • ম'বাইল ডাটা ব্যৱহাৰ ৫০ গুণ বৃদ্ধি পাইছে।
  • ব্ৰ'ডগজ ৰে'লৱেৰ ৰখীয়াবিহীন ৰে'ল ক্ৰচিং বিলোপ কৰাৰ ঘোষণা।
  • ২০২০ বৰ্ষৰ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা বাজেট ৩ লাখ কোটি টকা অতিক্ৰম।

দিনৰ ১১.৫০ বজাঃ 

  • গো সুৰক্ষাৰ বাবে ৭৫০ কোটি টকা ঘোষণা।
  • গাঁও অঞ্চলৰ মহিলাৰ জীৱন ধাৰণ উন্নত কৰাৰ লক্ষ্য।
  • অহা বছৰত ৮ কোটি মহিলাক বিনামূলীয়া ৰন্ধন গেছ প্ৰদানৰ লক্ষ্য চৰকাৰৰ।
  • প্ৰধানমন্ত্ৰীৰ উজ্বলা যোজনাৰ অধীনত প্ৰদান কৰা হ'ব বিনামূলীয়া ৰন্ধন গেছ।

পুৱাঃ ১১.৪০ বজাঃ 

  • প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ বাবে ১৯ হাজাৰ কোটি টকা আবন্টন।
  • গাঁওসমূহতো চহৰৰ দৰে ব্যৱস্থা প্ৰদানৰ সুবিধা কৰা হৈছে।
  • প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে
  • এম জি এনৰেগাৰ বাবে ৬০ হাজাৰ কোটি টকা আবন্টন।
  • ২ হেক্টক কৃষিভূমি থকা সকলক বিশেষ সুবিধা প্ৰদান।
  • বিশ্বৰ ভিতৰত ষষ্ঠ স্থানত ভাৰতৰ অৰ্থনীতি বুলি দাবী।
  • পূৰ্বৰ চৰকাৰৰ তুলনাত হ্ৰাস পাইছে মূল্যবৃদ্ধি।
  • মহাবিদ্যালয়সমূহত ২ লাখ আসন বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে।
  • পশুধনৰ বাবে ৰাষ্ট্ৰীয় কামধেনু আয়োগ ঘোষণা।
  • নতুন পেঞ্চন আঁচনিৰ ঘোষণা।
  • শ্ৰমিকৰ বাবেও পেঞ্চন আঁচনি ঘোষণা।
  • বেংকিং ব্যৱস্থাত দ্ৰুতগতিত সংস্কাৰ হৈছে।
  • দেশলৈ ৩ লাখ কোটি টকাৰ ঋণ ঘুৰি আহিছে।

পুৱাঃ ১১.৩০ বজাঃ 

  • ২২ বিধ শস্যৰ এম এছ পি বৃদ্ধি।
  • গো মাতাৰ সংৰক্ষণৰ বাবে বিশেষ কাৰ্যসূচী।
  • আয়োগ গঠন কৰিব মীন পালনৰ বাবে।
  • পশু পালনৰ কিষাণ ক্ৰেডিত কাৰ্ডৰ ব্যৱস্থা।
  • ক্ষুদ্ৰ খেতিয়কক প্ৰতিমাহে বেংক একাউন্টৰ জৰিয়তে প্ৰদান কৰিব ৫০০ টকাকৈ।

পুৱাঃ ১১.২৫ বজাঃ 

  • লোকসভাত বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলৰ বাজেট সম্পৰ্কীয় ভাষণ-
  • আমি বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যৰক্ষা আঁচনি লৈছো।
  • পি এম কিষাণ আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ সহায়ৰ লক্ষ্য।
  • এই আঁচনিৰে লাভাৱাম্বিত হ'ব ১২ লাখ কৃষক পৰিয়াল।
  • ৩ টা কিস্তিত কৃষকৰ বেংক একাউন্টত এই ধন দিয়াৰ ব্যৱস্থা।
  • এম জি এনেৰেগাৰ বাবে ৬০ হাজাৰ কোটি টকাৰ আবন্টন।

পুৱাঃ ১১.০৫ বজাঃ 

  • লোকসভাত পীয়ুষ গোৱেলৰ বাজেট ভাষণ আৰম্ভ।
  • ৪ মাহৰ বাবে দাখিল কৰা হৈছে এই বাজেট।
  • 'মই সম্পূৰ্ণ বিশ্বাসেৰে ক'ব পাৰো যে ভাৰতবৰ্ষ এতিয়া বিকাশ আৰু সমৃদ্ধিৰ দিশে অগ্ৰসৰ হৈছে।'
  • 'আমি পূৰ্বৰ তুলনাত বাজেটত বহু উন্নয়ন সম্ভৱ কৰিছো।'
  • মুদ্ৰাস্ফীতি ৰোধ কৰিবলৈ সক্ষম হৈছে মোডী চৰকাৰে।
  • ২০২২ চনলৈ আমি নতুন ভাৰত গঢ়াৰ লক্ষ্য লৈছো।
  • ২০২২ চনৰ ভিতৰত আমি প্ৰতিজন দৰিদ্ৰ লোককে চৰকাৰী ঘৰ দিবলৈ সক্ষম হ'ম।
  • আমি বিকাশতো আগবাঢ়িছো, মূল্যবৃদ্ধিও হ্ৰাস কৰিছো।
  • সাধাৰণ বৰ্গৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছো আমি।
  • মূল্যবৃদ্ধি নিয়ন্ত্ৰণত আছে বুলি দাবী চৰকাৰৰ।
  • দেশৰ অৰ্থনীতি দ্ৰুতগতিত আগবাঢ়িছে বুলি দাবী।
  • মোডী চৰকাৰৰ দিনতে দৰিদ্ৰতা দূৰ হৈছে।
  • গাঁও অঞ্চলত ৯৮ শতাংশ অনাময় আঁচনি সংম্পন্ন।
  • ৰাজ্যসমূহক ৪২ শতাংশ শ্বেয়াৰ দিয়া হৈছে।
  • দেশ প্ৰগতিৰ পথত আগবাঢ়িছে বুলি দাবী পীয়ুষ গোৱেলৰ।
  • পূৰ্বৰ তুলনাত ভাৰতত বিদেশী বিনিয়োগ বৃদ্ধি হৈছে।
  • ২০১৮ৰ ডিচেম্বৰত মুদ্ৰাস্ফীতিৰ হাৰ ২.১ শতাংশ।