/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/bububu.jpg)
কংগ্ৰেছ নেতা ৰঞ্জন চৌধুৰী:
মোডী চৰকাৰে দাখিল কৰা বাজেটখন হৈছে নতুন বটলত পুৰণি মদ ভৰোৱা লেখীয়া। কোনো নতুনত্ব নাই। পুৰণি কথা কিছুমানকে পুনৰ কোৱা হৈছে। পেট্ৰ'ল ডিজেলত উপকৰ লগোৱাতো দুভাগ্যজনক। তেওলোকৰ বাজেট মিঠা সপোনৰ নিচিনা।বাজেটৰ কোনো বাস্তৱ ভিত্তি নাই।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/assets/images/2018/08/02/750x506/adhir-ranjan_1533228226.jpeg)
কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজৱালাঃ
প্ৰতিশ্ৰুতিৰে গাঁৱৰ কৃষকৰ সমস্যা সমাধান নহয়। কৃষক সকলৰ আয় কেনেকৈ দুগুণ হ'ব তাক লৈ কোনো পৰিকল্পনা নাই বাজেটত'।
/https://media.assettype.com/asomiyapratidin/import/indiatoday/images/story/201904/Randeep_Singh_Surjewala_0.jpeg?fPn0hrbQkUlxZEZw8JxCAQ9WXbc5qZ.2)
প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম:
২০১৯-২০ চনৰ বাজেট খন এখন নিৰস বাজেট। বাজেটখনত মুল ৰাজহ, খৰচ, বিত্তীয় ঘাটি আদিৰ সম্পৰ্কত কোনো তথ্য নাই। আনহাতে মনৰেগা, মিড ডে মিলৰ বাবেও কোনো পুজিঁৰ উল্লেখ নকৰিলে।
/https://media.assettype.com/asomiyapratidin/import/indiatoday/images/story/201806/chidambaram-story_647_071617114059_0.jpeg?0UN1MjMp5G.0MbxbRK7pOPtjYQyfJkwc)
চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলঃ
এই বাজেটে আমাক নিৰাশ কৰিলে। বাজেটে সকলো বৰ্গৰ লোকক সমানে প্ৰাধান্য দিয়া নাই। বাজেটৰ পাছত মুল্যবৃদ্ধি আৰু মধ্যবিত্তৰ আয়কৰ বাঢ়িব। যুৱপ্ৰজন্মক কিদৰে নিযুক্তি দিব তাৰো কোনো উল্লেখ নাই। ইয়াৰোপৰি নক্সাল প্ৰভাৱিত জিলা সমূহলেও একো ঘোষণা নকৰিলে চৰকাৰে।
/https://media.assettype.com/asomiyapratidin/import/indiatoday/images/story/201904/bhupesh_baghel.jpeg?WNQzrCLeCx9pmI4fC9uMW9G2LWqkUKmG)
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱড়ী দেৱী:
বিহাৰবাসীক ঠগিলে এই বাজেটে, কোনো ধৰণৰ গুৰুত্ব দিয়া নহ'ল বিহাৰক। বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যদা দিব লাগিছিল,কিন্তু দিয়া নহ'ল। মহিলাসকলৰ বাবেও কোনো বিশেষ আচনি বাজেটত নাই। বাজেটৰ পৰা স্পষ্ট হৈছে যে, দেশৰ সকলো ক্ষেত্ৰ ব্যক্তিগতকৰন হ'ব আৰু মুল্যবৃদ্ধিয়ে আকাশ চুব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2019-04/t5jkp7f8_rabri-devi_625x300_13_April_19.jpg)
বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডী:
এখন কল্যাণকামী আৰু দুখীয়াৰ বাজেট। বাজেটক বহু কৰক ৰেহাই দিয়া হৈছে। দুখীয়াৰ বাবে বিজুলী, ঘৰ, ৰন্ধান গেছ আৰু পথৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। আমি এই বাজেটক আদৰণি জনাইছো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/wp-content/uploads/2014/09/bjp-leader-sushil-kumar-modi-addresses-a-press-conference-in-patna-1.jpg)
নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰ:
দেশৰ বিকাশত অৰিহণা যোগাব এই বাজেটে। আমি বিত্তমন্ত্ৰীক অভিনন্দন জনাইছো। এয়া প্ৰথমবাৰৰ বাবে হৈছে যত ত্ৰিলিয়ন ডলাৰৰ অৰ্থব্যৱ্যৱস্থাত উপনীত হোৱা কথা উল্লেখ কৰা হৈছে। বৰ্তমান দেশৰ অৰ্থব্যৱস্থাৰ ওপৰত ধ্যান দি বাজেট প্ৰস্তুত কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/rf/Image-621x414/LiveMint/Period2/2017/09/02/Photos/Processed/rajivkumar-kye--621x414@LiveMint.jpg)
আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিং:
দুখীয়া, যুৱপ্ৰজন্ম আৰু কৃষক সকলক অসুবিধাত পেলাব পৰা বাজেট। কৰ বোজাত ডুবি আছে এই বাজেট। সাধাৰণ নাগৰিকক হেচা দিয়া মানসিকতা এই বাজেটৰ জৰিয়তে স্পষ্ট হ'ল। যুৱকসকলক ৰোজগাৰৰ বাবে কোনো পৰিকল্পনা নাই।
/https://media.assettype.com/asomiyapratidin/import/wp-content/uploads/2019/05/sanjay-singh-aap.jpg)
বি এছ পি নেত্ৰী মায়াৱতী:
পুঁজিপতিৰ বাবে এই বাজেট। ব্যক্তিগত খণ্ড আৰু পুঁজিপতি সকলক লাভৱান কৰোৱাবৰ বাবেই এই বাজেট। দলিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকলক এই বাজেটে ক্ষতি কৰিব। নিবনুৱা সমস্যা, মুল্যবৃদ্ধি, দৰিদ্ৰতা বৃদ্ধি পাব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/wp-content/uploads/2019/04/BSP-chief-mayawati-644x362.jpg)