কৃষকক ৰোধিবলৈ পুতিলে গঁজাল, ব্যাঘাত সৰ্বসাধাৰণৰ জনজীৱন…

কৃষকক ৰোধিবলৈ পুতিলে গঁজাল, ব্যাঘাত সৰ্বসাধাৰণৰ জনজীৱন…

author-image
asomiyapratidin
New Update
কৃষকক ৰোধিবলৈ পুতিলে গঁজাল, ব্যাঘাত সৰ্বসাধাৰণৰ জনজীৱন…

ডিজিটেল ডেস্কঃ বিগত সময়ছোৱাত দেশৰ সৰ্বাধিক ভাৱে চৰ্চিত কৃষক আন্দোলনত স্তিমিত হোৱা নাই বৰ্তমানেও। ২৬ জানুৱাৰীৰ গনতন্ত্ৰ দিৱসত কৃষক আন্দোলনত সংঘটিত হোৱা কিছু হিংসাত্মক কাৰ্যকলাপৰ পিছতে অধিক কঠোৰ হৈ পৰিছে অমিত শ্বাহ নিয়ন্ত্ৰিত দিল্লী আৰক্ষী।

ইয়াৰ বাবে দিল্লী আৰক্ষীয়ে বহু কেইটা অমানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি এতিয়া সৰ্বত্ৰ চৰ্চিত। উল্লেখ্য যে সম্পূৰ্ণ সামন্ত্য বাদী প্ৰভুত্বৰে দিল্লী আৰক্ষীয়ে দিল্লীৰ সীমামূৰীয়া প্ৰায়বোৰ অঞ্চলতে চৰাই এটিও পাৰ হ'ব নোৱাৰাকৈ পুঁতিছে গজাল।

দিল্লী আৰক্ষীয়ে এনে পদক্ষেপ গ্ৰহণ কৰিছে যে কোনো কৃষক আন্দোলন কাৰীয়ে যাতে সীমা পাৰহৈ দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে। তাত ৰৈ এনে অনুভৱ হ'ব যে সেয়া চীন অথবা পাকিস্তানৰ সীমাহে। খুবেই স্বাভাৱিক ভাৱেই দিল্লী আৰক্ষীৰ এই হঠকাৰী সিদ্ধান্তই সমস্যাত পেলাইছে সাধাৰণ নাগৰিকক। আনকি সংবাদ মাধ্যমৰ লোক সকলৰ বাবে কঠিন হৈ পৰিছে দিল্লীৰ খবৰ সংগ্ৰহৰ বাবে যাত্ৰা কৰা।