বিশ্বনাথ আৰক্ষীৰ অভিযানঃ আটক চোৰাং গৰু ব্যৱসায়ী, ৬৩ টা গৰু উদ্ধাৰ…

বিশ্বনাথ আৰক্ষীৰ অভিযানঃ আটক চোৰাং গৰু ব্যৱসায়ী, ৬৩ টা গৰু উদ্ধাৰ…

author-image
asomiyapratidin
New Update
বিশ্বনাথ আৰক্ষীৰ অভিযানঃ আটক চোৰাং গৰু ব্যৱসায়ী, ৬৩ টা গৰু উদ্ধাৰ…

ডিজিটেল ডেস্কঃ বিশ্বনাথ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে পুৱা বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ সন্মূখত তালাচি চলাই গহপুৰৰ পৰা ৰূপহী অভিমূখে গৈ থকা ৮ খন গাড়ীত ৬৩ টা গৰু কঢ়িয়াই লৈ থকা অৱস্থাত জব্দ কৰে গাড়ী সহ গৰু কেইটা।এই গৰু কঢ়িয়াই লৈ গৈ থকা গাড়ী চালক সহ আন ১৭ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে বিশ্বনাথ আৰক্ষীয়ে ।

আৰক্ষীয়ে জনোৱা মতে, গহপুৰৰ বজাৰৰ পৰা ক্ৰয় কৰি ৰূপহী অভিমূখে ৰাওনা হৈছিল এই গৰুচোৰ চক্ৰটো।উল্লেখ্য যে, অবৈধভাৱে উপযুক্ত নথি পত্ৰ অবিহনে সৰবৰাহ কৰিছিল এই গৰু সমুহক। বহু দিনৰ পৰা এনেদৰে অবৈধ ভাৱে গৰু সৰবৰাহ হৈ আহিছিল কিন্তু আৰক্ষীয়ে সঠিক তথ্য অনুসৰি চলোৱা অভিযানত সোমবাৰে এই চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে তদন্ত পূৰ্ণ পৰ্যায়ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । উদ্ধাৰ হোৱা গৰু কেইটাক আৰক্ষীয়ে হেলেমৰ বিশেষ স্থানত চোৱা-চিতা কৰাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিবলৈ পোৱা গৈছে।আনহাতে এই চোৰাং গৰু ব্যৱসায়ী দলটোকো বিশ্বনাথ আৰক্ষীয়ে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে ।এই সন্দৰ্ভত বিশ্বনাথ আৰক্ষী থানাৰ ৰুজো হোৱা গোচৰ নম্বৰ হ'ল ৩৩/২০২১ ইউ/এছ ৪২০/৪২৯ /৫১১ আইপিচি।