/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/93umoo64/AP-FOR-WEB-bike.jpg)
বজাৰ ভাল দুচকীয়া বাহনৰঃ হোণ্ডা আৰু হিৰ'ৰ মাজত চলিছে প্ৰতিযোগিতা...
ডিজিটেল ডেস্কঃ ভাৰতীয় লোকসকলৰ মাজত দুচকীয়া বাহনৰ জনপ্ৰিয়তাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বিশ্বৰ প্ৰায় প্ৰতিটো বাইক কোম্পানীৰ মূল লক্ষ্য ভাৰতীয় বজাৰখন।
২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ভাৰতৰ এই দুচকীয়া বজাৰখনে যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে। বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত অৰ্থাৎ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ লৈকে দুচকীয়া বাহনৰ ডিলাৰসমূহলৈ মুঠ ১,০১,৬৪,৯৮০ ইউনিট প্ৰেৰণ কৰা হৈছে।
যোৱা ছয় বছৰৰ ভিতৰত এয়াই হৈছে সৰ্বাধিক। বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ইয়াৰে ১৬.৩১ শতাংশ ইউনিটেই পঞ্জীয়ন হৈ গৈছে। ইয়াৰ পূৰ্বে ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ১,১৫,৬৮,৪৯৮ ইউনিট দুচকীয়া বাহন ৰিটেইলাৰসকললৈ প্ৰেৰণ কৰা হৈছিল।
২০২৪ ৰ প্ৰথম ছমাহত মটৰ চাইকেলৰ বিক্ৰী পূৰ্বতকৈ ১৬.৩১ শতাংশ, স্কুটাৰৰ বিক্ৰী ২২ শতাংশ আৰু মপেডৰ বিক্ৰী ১৬.৫৫ শতাংশ বৃদ্ধি হৈছে। পূৰ্বৰ দৰেই এইবাৰো প্ৰথম ছমাহত হিৰ' আৰু হোণ্ডাৰ মাজৰ প্ৰতিযোগিতাখন লক্ষ্যণীয় হৈ পৰিছে।
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত হিৰ' মটৰকৰ্পৰ ২.৯৪ মিলিয়ন ইউনিট পঞ্জীয়ন হৈছে। হিৰ'ই ভাৰতৰ বজাৰৰ ২৮.৯২ শতাংশ নিজৰ দখললৈ নিছে। সেইদৰে হোণ্ডা মটৰ চাইকেল এণ্ড স্কোটাৰ ইণ্ডিয়াই বজাৰৰ ২৮.৩৪ শতাংশ অংশ দখল কৰিছে।
অথচ এসময়ত এই দুই প্ৰতিষ্ঠানেই আছিল যৌথভাৱে। তেতিয়াৰ হিৰ' হোণ্ডা বিভক্ত হৈ এতিয়া হিৰ' মটৰকৰ্প আৰু হোণ্ডা মটৰ চাইকেল এণ্ড স্কোটাৰ হোৱাৰ পৰাই দুয়োৰে বজাৰৰ যুঁজখন লক্ষ্যণীয় হৈ পৰিছে।
এই দুয়োটা প্ৰতিষ্ঠানৰ মাজৰ ব্যৱধান ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত মাত্ৰ ৫৯,২৪৭ পাইকাৰী ইউনিট। এবছৰ পূৰ্বে এই ব্যৱধান আছিল ৪৭৫,১২৬ ইউনিট। সেইবাৰ হিৰ' মটৰকৰ্পে বজাৰৰ ৩৩ শতাংশ আৰু হোণ্ডা মটৰ চাইকেল এণ্ড স্কোটাৰ ইণ্ডিয়াই ২৫ শতাংশ বজাৰ দখল কৰিছিল।
এই দুই প্ৰতিষ্ঠানৰ উপৰিও টি ভি এছ মটৰ কোম্পানীয়ে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ৮৫৩,৯৬৩ ইউনিট পাইকাৰী যোগান ধৰিছে। অৱশ্যে পূৰ্বতকৈ বজাৰত টি ভি এছৰ বজাৰ ২৪.৬৪ শতাংশৰ পৰা সামান্য হ্ৰাস হৈ ২৪.৪১ শতাংশ হৈছে।
সেইদৰে ছুজুকি মটৰ চাইকেল ইণ্ডিয়াৰ ১৪.৪৪ শতাংশ বজাৰ দখল কৰিছে আৰু ১৮ শতাংশ গ্ৰ'থ কৰিছে। য়ামাহাৰ বজাৰো এই সময়ত যথেষ্ট ভাল। কোম্পানীটোৰ গ্ৰ'থ ১৩৯ শতাংশ বৃদ্ধি হৈছে। বাজাজৰো গ্ৰ'থ ১৬২ শতাংশ বৃদ্ধি পাইছে।
Also Read: সূৰ্য হাজৰিকাৰ পাছত অসম সাহিত্য সভাৰ দায়িত্ব কাৰ হাতত…