ভাল খবৰঃ কিনে যদি আগষ্ট মাহতে কিনক…

ভাল খবৰঃ কিনে যদি আগষ্ট মাহতে কিনক…

author-image
asomiyapratidin
New Update
ভাল খবৰঃ কিনে যদি আগষ্ট মাহতে কিনক…

ডিজিটেল ডেস্কঃ আগষ্ট মাহৰ ভিতৰত আপোনাৰ স্কুটী লোৱাৰ পৰিকল্পনা আছে নেকি! যদি আছে দেৰি নকৰিব। কিয়নো বাহন নিৰ্মাতা প্ৰতিষ্ঠান হিৰ'ই গ্ৰাহকসকলৰ বাবে মুকলি কৰিছে বিশেষ ৰেহাই। এই ৰেহাইৰ সময়সীমা হৈছে ৩১ আগষ্ট।

Advertisment

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি হিৰ'ই কেইবাটাও পৰ্যায়ত মুকলি কৰিছে এই ৰেহাই। যদি কোনো গ্ৰাহকে নিজৰ পুৰণি স্কুটী এক্সচেইঞ্জ কৰি নতুন এখন স্কুটী ক্ৰয় কৰিব খোজে তেন্তে গ্ৰাহকে অধিকতম ৪০০০ হাজাৰ টকাৰলৈকে ৰেহাই লাভ কৰিব পাৰে।

আনহাতে গ্ৰাহকে নতুন স্কুটী ক্ৰয় কৰাৰ সময়তো লাভ কৰিব বিশেষ ৰেহাই। এখন নতুন স্কুটী ক্ৰয় কৰাৰ সময়ত হিৰই প্ৰদান কৰিছে ২৫০০ টকাৰ ৰেহাই। কেৱল স্কুটীতে নহয় হিৰই বাইকতো প্ৰদান কৰিছে ১৫০০ টকাৰ বিশেষ ৰেহাই। প্ৰাপ্ত খবৰ অনুসৰি পে টি এমৰ জৰিয়তে যদি কোনো গ্ৰাহকে স্কুটী বুকিং কৰে তেন্তে তেওলোকে লাভ কৰিব ৮৫০০ টকাৰ লৈকে ৰেহাই।