বেটেৰীচালিত বাহন নিৰ্মাণত অধিক গুৰুত্ব বাজেটত

বেটেৰীচালিত বাহন নিৰ্মাণত অধিক গুৰুত্ব বাজেটত

author-image
asomiyapratidin
New Update
বেটেৰীচালিত বাহন নিৰ্মাণত অধিক গুৰুত্ব বাজেটত

ডিজিটেল ডেস্কঃ প্ৰদূষণমুক্ত ভাৰত গঢ়াৰ লক্ষ্য লৈছে মোডী চৰকাৰে। সেয়েহে বেটেৰীচালিত বাহন নিৰ্মাণত অধিক গুৰুত্ব দিয়াৰ ঘোষণা কৰিলে বাজেটত। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত এই কথা বিশেষভাৱে উল্লেখ কৰে।

উল্লেখযোগ্য যে, চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে ইন্ধন চালিত বাহন নিৰ্মাণ কৰা কোম্পানীসমূহে আপত্তি দৰ্শাইছিল যদিও বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰদূষণমুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে বেটেৰীচালিত বাহন নিৰ্মাণত অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

উদ্যোগিক কৰিড'ৰ নিৰ্মাণৰ ক্ষেত্ৰতো চৰকাৰে অধিক গুৰুত্ব প্ৰদানৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে। লগতে প্ৰতিদিনে গড়ে ১৩৫ কিঃমিটাকৈ পথ নিৰ্মাণৰ লক্ষ্য লৈছে বুলি ঘোষণা কৰে।