/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/batadrawa.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ উদ্যোগত অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প অধীনত শুক্ৰবাৰে ধান খেতিৰ বিষয়ক যান্ত্ৰিকীকৰণৰ প্ৰদৰ্শনমূলক প্ৰশিক্ষণ অনুষ্ঠিত হয়। কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মূখ্য বিজ্ঞানী ড০ পুটুল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰদৰ্শনমূলক প্ৰশিক্ষণ কাৰ্য্যসূচীত অসম কৃষি বিশ্ববিদ্যালয় প্ৰকল্প বিজ্ঞানী নীতেশ গুপ্তা, প্ৰকল্প সহায়ক ড০ শৰ্মী গগৈ আৰু গৱেষণা সহায়ক বিপ্লৱ বৰুৱাই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ৩০ গৰাকী প্ৰগতিশীল কৃষকক ধানৰ উৎপাদন বৃদ্ধি গুনগত মানৰ উন্নয়নৰ বাবে যান্ত্ৰিকীকৰণ প্ৰয়োগৰ বিষয়ে হাতে কামে প্ৰশিক্ষণ প্ৰদান কৰে।
ড০ শৰ্মী গগৈ আৰু বিপ্লৱ বৰুৱাই আঁত ধৰা প্ৰশিক্ষণ কাৰ্য্যসূচীত কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ পংকজ কুমাৰ দেৱচৌধুৰী, ড০ দিনেশ হাজৰিকা, ড০ কৈলাস শৰ্মা, ড০ পবিত্ৰ কুমাৰ বৰদলৈয়ে কৃষকক ধান উৎপাদনত যান্ত্ৰিকীকৰণ প্ৰয়োগৰ ফলক হোৱা লাভালাভৰ বিষয়ে বিশ্লেষণ কৰে। কৃষি গৱেষণা কেন্দ্ৰ নগাঁৱৰ চিলঙনীত অনুষ্ঠিত দিনযোৰা কাৰ্যসূচীত আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ গৱেষণা সহায়ক জন্মেজয় বিচুৱাল, প্ৰকল্প বিজ্ঞানী গায়ত্ৰী গোস্বামী, এলিজা বৰোকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিজ্ঞানী, কৃষক উপস্থিত থাকে।