বিপদত পৰিবঃ ৩ দিনৰ বাবে সমগ্ৰ দেশজুৰি বন্ধ থাকিব বেংক..

বিপদত পৰিবঃ ৩ দিনৰ বাবে সমগ্ৰ দেশজুৰি বন্ধ থাকিব বেংক..

author-image
asomiyapratidin
New Update
বিপদত পৰিবঃ ৩ দিনৰ বাবে সমগ্ৰ দেশজুৰি বন্ধ থাকিব বেংক..

ডিজিটেল ডেস্কঃ মোডী চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ মাজতেই গৃহীত কৰিব বেংকিং আইন সংশোধনী বিল ২০২১। ইতিমধ্যে এই আইন গৃহীত কৰিবলৈ মোডী চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Advertisment

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে বেংকিং আইন সংশোধনী বিল গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ইউনাইটেড ফ'ৰাম অফ বেংক ইউনিয়নচ (UFBU)। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা বেংকসমূহ বেচৰকাৰীকৰণৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইউনাইটেড ফ'ৰাম অফ বেংক ইউনিয়নে ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ প্ৰতিবাদ সাব্যস্ত কৰিব। ৰাজহুৱা বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সংস্থাটোৱে ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।

ইতিমধ্যে সংগঠনটোৰ ফালৰ পৰা এই বিষয়ে ঘোষণা কৰিছে। আনহাতে কৃষক নেতাইয়ো ৰাজহুৱা বেংক ব্যক্তিগতকৰণৰ বৰিুদ্ধে সমগ্ৰ দেশজুৰি আন্দোলন কৰিবলৈ আহ্বান জনাইছে। ইফালে ৰাজহুৱা খণ্ডৰ বেংক প্ৰতিষ্ঠানসমূহৰ সংগঠনৰ প্ৰতিবাদক আওকান কৰি সংসদত বেংকিং আইন সংশোধনী বিধেয়ক গৃহীত কৰিলে এই সংগঠন বোৰে অধিক তীব্ৰতাৰে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলিও সকিয়নি প্ৰদান কৰিছে।