ক্ৰেডিট কাৰ্ডেৰে বাহনত ইন্ধন ভৰোৱাসকলৰ বাবে বেয়া খবৰ, এতিয়াৰে পৰা নাপাব কেছ বেক…

ক্ৰেডিট কাৰ্ডেৰে বাহনত ইন্ধন ভৰোৱাসকলৰ বাবে বেয়া খবৰ, এতিয়াৰে পৰা নাপাব কেছ বেক…

author-image
asomiyapratidin
New Update
ক্ৰেডিট কাৰ্ডেৰে বাহনত ইন্ধন ভৰোৱাসকলৰ বাবে বেয়া খবৰ, এতিয়াৰে পৰা নাপাব কেছ বেক…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ক্ৰেডিট কাৰ্ডৰ দ্বাৰা বাহনত ইন্ধন ভৰোৱা লোকসকলৰ বাবে বেয়া খবৰ। এতিয়াৰে পৰা ক্ৰেডিট কাৰ্ডেৰে বাহনত ইন্ধন ভৰোৱা লোকসকলে নাপাব কেছ বেক ৰেহাই। ইন্ধন কোম্পানীসমূহৰ নিৰ্দেশ মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বেংকে। ১ অক্টোবৰৰ পৰা কোনো লোকে বাহনত ইন্ধন ভৰালে পূৰ্বৰ ০.৭৫ শতাংশ কেছ বেক নাপাব। এই সংক্ৰান্তত গ্ৰাহকসকললৈ ষ্টেট বেংক অৱ ইণ্ডিয়াই এটা বাৰ্তাও প্ৰেৰণ কৰিছে।

Advertisment

ইফালে আমেৰিকান এক্সপ্ৰেছৰ কাৰ্ড থকা গ্ৰাহক সকলেও লাভ কৰিছে একেই বাৰ্তা। উল্লেখ্য যে, ২০১৬ চনৰে পৰা গ্ৰাহক সকলে এই সুবিধা লাভ কৰিছিল। বিমুদ্ৰাকৰণৰ পাছৰে পৰা ভাৰতীয় তৈল নিগম, ভাৰত পেট্ৰ'লিয়াম আৰু হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্পৰেশ্যনৰ দৰে বিভিন্ন প্ৰতিষ্ঠানসমূহে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মৰ্মে ডিজিটেল লেনদেনৰ প্ৰতি ৰাইজক সজাগ কৰাৰ লগতে ইয়াৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে এই ৰেহাইৰ ব্যৱস্থা কৰিছিল।

ইফালে একাংশ লোকে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে। কোনো কোনো লোকে মন্তব্য কৰিছে যে, চৰকাৰে বিমুদ্ৰাকৰণৰ পাছতে চৰকাৰৰ প্ৰতি গঢ়ি উঠা জনসাধাৰণৰ ক্ষোভ নোহোৱা কৰিবলৈ এনে ব্যৱস্থা কৰা হৈছিল। এতিয়া বিমুদ্ৰাকৰণৰ কথা ৰাইজে পাহৰাৰ লগে লগে চৰকাৰেও সুবিধাসমূহ হ্ৰাস কৰিছে। অৱশ্যে এক সূত্ৰ অনুসৰি ডেবিট কাৰ্ড আৰু অন্যান্য ডিজিটেল মাধ্যমত এতিয়াও উপলব্ধ হ'ব এই ৰেহাই। মাত্ৰ ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতহে এই সুবিধাৰ বিলুপ্তি ঘটোৱা হৈছে।