/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/bank.jpg)
ডিজিটেল ডেস্কঃ মাৰ্চ মাহত আপোনাৰ বেংকৰ লগত জড়িত কাম আছে নেকি? যদি আছে তেনে আপোনাৰ বাবে আমাৰ এই খবৰ অতি গুৰুত্বপূৰ্ণ। কিয়নো মাৰ্চ মাহটোৰ মুঠ ১৩ টা দিনেই বন্ধ হৈ থাকিব বেংকসমূহ। মাৰ্চ মাহত মহা শিৱৰাত্ৰী, হোলী আদি বহুকেইটা উৎসৱ আছে।
মাৰ্চৰ প্ৰথমটো দিনতেই মহা শিৱৰাত্ৰি উপলক্ষে আহমেদাবাদ, বেলাপুৰ, বেংগালুৰু, ভূপাল, ভূৱনেশ্বৰ, চণ্ডিগড়, ডেৰাডুন, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কোচি, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, ৰায়পুৰ, ৰাঁচী, চিমলা, শ্ৰীনগৰ, তিৰুৱন্তপুৰমত বেংক বন্ধ থাকিব।
৩ মাৰ্চত লোছাৰ উপলক্ষে গেংগটকত বন্ধ থাকিব বেংকসূহ। ৪ মাৰ্চত চাপচাৰ কুট উপলক্ষে আইজলত বন্ধ থাকিব বেংক। একেদৰে ১৭ মাৰ্চত হোলীৰ দহনৰ বাবে ডেৰাডুন, কানপুৰ, লক্ষ্ণৌ, ৰাঁচীত বেংকসমূহ বন্ধ থাকিব। ১৮ মাৰ্চত হোলীৰ দ্বিতীয় বা দৌলযাত্ৰা উপলক্ষে আহমেদাবাদ, আইজল, বেলাপুৰ, ভূপাল, চণ্ডিগড়, ডেৰাডুন, গেংটক, গুৱাহাটী, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পানাজী, পাটনা, ৰায়পুৰ, ৰাঁচী, শিলং, শ্ৰীমলা, শ্ৰীনগৰত বন্ধ থাকিব বেংকসমূহ।
একেদৰে ১৯ মাৰ্চত য়াওচাং উপলক্ষে পাটনা, ইম্ফল আৰু ভুৱনেশ্বৰত বেংক বন্ধ থাকিব। ২২ মাৰ্চত বিহাৰ দিৱস উপলক্ষে বিহাৰত বন্ধ থাকিব বেংকসমূহ। আনহাতে ৬, ১৩, ২০ আৰু ২৭ মাৰ্চ দেওবাৰ উপলক্ষে বন্ধ থাকিব বেংকসমূহ। ১২ আৰু ২৬ মাৰ্চ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ উপলক্ষে দেশজুৰি বন্ধ থাকিব বেংক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us