/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/382542-banks.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ দেশজুৰি ৩দিনৰ বাবে অচল হৈ পৰিব বেংক সেৱা। ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত বেংক এম্প্লয়িজ ইউনিয়নে পালন কৰিব ৰাষ্ট্ৰজোৰা বেংক ধৰ্মঘট। ঠিক তেনেদৰে ২ ফেব্ৰুৱাৰীত দেওবাৰে হোৱাৰ বাবে বেংক বন্ধ থাকিব। ভাৰতীয় বেংক এছ'চিয়েশ্যনৰ সৈতে হোৱা আলোচনা বিফল হোৱাৰ পিছতে এই ধৰ্মঘটৰ সিদ্ধান্ত লয় ইউনিয়নে। উল্লেখ্য যে, বিগত মাহৰ ৮ জানুৱাৰীতো বেংক এম্প্লয়িজ ইউনিয়নে পালন কৰিছিল ধৰ্মঘট কাৰ্যসূচী।
এই বন্ধৰ সময়চোৱাত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব পাৰে সাধাৰণ ৰাইজৰ লগতে চৰকাৰো। কাৰণ ৩১ জানুৱাৰীত অৰ্থনৈতিক পিয়ল হোৱাৰ লগতে ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয় বাৰৰ বাবে দাখিল কৰিব বাজেট। অৱশ্যে ফেব্ৰুৱাৰী এক তাৰিখ মাহটোৰ প্ৰথম শনিবাৰ হোৱাৰ বাবে বাণিজ্যিক বেংকসমূহ খোলা ৰখাৰ সম্ভাৱনা আছে। ইফালে বাজেট দাখিল কৰাৰ বাবে ষ্টক এক্সেঞ্জসমূহো খোলা ৰাখিব বুলি জানিব পৰা গৈছে।
ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নৰ সৈতে যোৱা সোমবাৰে ভাৰতীয় বেংক এছ'চিয়েশ্যনৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত ইউনিয়নৰ তৰফৰ পৰা আন কেবাটাও দাবীৰ লগতে বিভিন্ন সা-সুবিধা বৃদ্ধি, প্ৰতি সপ্তাহত ৫ দিনলৈ কাৰ্যালয়ৰ কাম কৰাৰ দিন হ্ৰাস কৰাৰ বাবেও দাবী তুলিছিল। সফল নহ'ল এই বৈঠক। যাৰ বাবে ধৰ্মঘটৰ সিদ্ধান্ত লোৱা হৈছে।