আগষ্ট মাহটোত বেংকৰ জুৰুৰী কামক লৈ কোনো পৰিকল্পনা কৰিছে নেকি? যদি কৰিছে পঢ়ক এই খবৰ…

আগষ্ট মাহটোত বেংকৰ জুৰুৰী কামক লৈ কোনো পৰিকল্পনা কৰিছে নেকি? যদি কৰিছে পঢ়ক এই খবৰ…

author-image
asomiyapratidin
New Update
আগষ্ট মাহটোত বেংকৰ জুৰুৰী কামক লৈ কোনো পৰিকল্পনা কৰিছে নেকি? যদি কৰিছে পঢ়ক এই খবৰ…

ডিজিটেল ডেস্কঃ আজি আগষ্ট মাহৰ ২ তাৰিখ। স্বাধীনতা দিৱসৰ পৰা আদি কৰি ৰাখী বন্ধন, জন্মাষ্টমীৰ লৈকে কেইবাটাও গুৰুত্বপূৰ্ণ দিন আছে এই মাহটোতে। আগষ্ট মাহটোত আপুনি বেংক সম্বন্ধীয় কিবা জুৰুৰী কাম যদি কৰিব লগা আছে তেন্তে আগতীয়াকৈ প্লেন কৰক, কিয়নো আগষ্ট মাহটোত বিভিন্ন দিনৰ সৈতে সংগতি ৰাখি বেংক সমূহ মুঠ ১১ দিন বন্ধ থাকিব।

আগষ্ট মাহটোত বিভিন্ন দিন আৰু শনি, দেওবাৰ মিলাই বেংক সমূহ বন্ধ থাকিব মুঠ ১১ দিন। ইয়াৰ পৰিৱৰ্তে মুঠ ২০ দিনহে খোলা থাকিব বেংক। এই মাহত ৪, ১১, ১৮ আৰু ২৫ আগষ্ট হৈছে দেওবাৰ। ১০ আৰু ২৪ আগষ্ট হৈছে দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ, গতিকে এই দিনকেইটাত বন্ধ থাকিব বেংকসমূহ। এনেকৈ বিভিন্ন দিনৰ সৈতে সংগতি ৰাখি আগষ্ট মাহটোত মুঠ ১১ টা দিন বন্ধ থাকিব বেংকসমূহ।