/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/bandhan-bank.jpg)
ডিজিটেল ডেস্কঃ মাইক্ৰফাইনেন্সৰ ঋণৰ কিস্তি দিব নালাগে বুলি উৰাবাতৰি উলাইছিল৷ যাৰ পৰিপেক্ষিতত বিভিন্ন ঠাইত উপভোক্তা সকলে ভোজভাত খাই বিহু মৰাও দেখা গ'ল । উৰাবাতৰিত ভূল নগৈ কিস্তি পৰিশোধ কৰক। সময়ত কিস্তি পৰিশোধ নকৰিলে আপোনাৰ চিভিল বেয়া হব পাৰে । ফলত আপুনি বঞ্চিত হব পাৰে চৰকাৰী বেচৰকাৰী সকলো আচঁনিৰ পৰা। আপোনাক বিপদৰ সময়ত আৰ্থিকভাৱে সহায় কৰা প্ৰতিষ্ঠানক সময়মতে কিস্তি পৰিশোধ কৰক৷
সময়মতে ঋণ পৰিশোধ কৰক আৰু ক্ৰেডিট স্ক'ৰ উন্নত কৰি ৰাখক৷ আপোনাৰ প্ৰতিশ্ৰুতি পালন কৰক আৰু ঋণদাতা সংস্থাৰ বিশ্বাসভাজন হৈ থাকক আৰু পৰৱৰ্তীকালত আৰু সুবিধা গ্ৰহন কৰক৷
বেংক আৰু পঞ্জীভুক্ত বিত্তীয় কোম্পানীসমূহ ৰিজাৰ্ভ বেংকৰ বিনিময়ৰ অধীনত থাকে। সিমানেই ধাৰ লওক, যিমান আপুনি ঘূৰাই দিব পাৰিব৷ যিটো কামৰ বাবে ঋণ লোৱা যায়, কেৱল সেইটো কামৰ বাবে ব্যৱহাৰ কৰক৷
আপোনাৰ দিবলগীয়া কিস্তিৰ পৰিমাণ সম্বন্ধে সচেতন হৈ ৰওক আৰু সেয়া সময়মতে পৰিশোধ কৰক ৷ আনৰ কথাত কাণ নিদিব৷ নিজৰ বিবেচনা মতে সিদ্ধান্ত লৈ আগবাঢ়ক৷ নহলে আপুনি বিপদত পৰিব পাৰে ৷