জমা আৰু ঋণত বন্ধন বেংকৰ শক্তিশালী বিকাশ…

জমা আৰু ঋণত বন্ধন বেংকৰ শক্তিশালী বিকাশ…

author-image
asomiyapratidin
New Update
জমা আৰু ঋণত বন্ধন বেংকৰ শক্তিশালী বিকাশ…

ডিজিটেল ডেস্কঃ দেশৰ অন্যতম সাৰ্বজনীন বেংক বন্ধন বেংকে বিত্তীয় বৰ্ষ ২০২০-২১ৰ তৃতীয় ত্ৰৈমাসিকৰ অৰ্থনৈতিক ফলাফল ঘোষণা কৰিছে। বেংকটোৰ মুঠ ব্যৱসায় (জমা আৰু আগধন)ৰ পৰিমাণ বাৰ্ষিক ভিত্তিত ২৬ শতাংশ বৃদ্ধি হৈ বৰ্তমান হৈছেগৈ ১.৫১ লাখ কোটি টকা। ২০২০ চনৰ আগষ্টত অভিযানৰ ৫ বছৰ সম্পূৰ্ণ কৰা প্ৰতিষ্ঠানটোৱে ৫,১৯৭ টা শাখা আৰু বেংকিং ইউনিটৰ জৰিয়তে ২.২৫ কোটি উপভোক্তাক সেৱা আগবঢ়াইছে। বন্ধন বেংকৰ মুঠ কৰ্মচাৰীৰ সংখ্যা ৪৭,২৬০ গৰাকী।

Advertisment

দেশৰ অৰ্থনীতি ক্ৰমান্বয়ে মুকলি হোৱাৰ সময়ত বিগত বৰ্ষৰ ত্ৰৈমাসিকৰ তুলনাত বেংকটোৰ জমা বহী ৩০ শতাংশ বৃদ্ধি হৈছে। মুঠ জমাৰ পৰিমাণ হৈছেগৈ ৭১,১৮৮ কোটি টকা। কাৰেণ্ট একাউণ্ট আৰু চেভিংছ একাউণ্ট (চি এ এছ এ) বহীত বাৰ্ষিক ভিত্তিত ৬২ শতাংশ বৃদ্ধি হৈছে।

অগ্ৰিম ধনৰ ক্ষেত্ৰত বিগত বৰ্ষৰ ত্ৰৈমাসিকৰ তুলনাত বেংকটোৰ ২৩ শতাংশ বিকাশ ঘটিছে। বৰ্তমান অগ্ৰিম ধনৰ পৰিমাণ হৈছেগৈ ৮০,২৫৫ কোটি টকা। বেংকৰ স্থিৰতাৰ সংকেত সূচক মূলধন উপলব্ধতা অনুপাত (চি এ আৰ) হৈছে ২৬.২ শতাংশ, যি প্ৰয়োজনীয় মাত্ৰাতকৈ যথেষ্ঠ অধিক।

এই সন্দৰ্ভত এম ডি তথা চি ই অ' চন্দ্ৰ শেখৰ ঘোষে কয়- "মহামাৰীৰ ভয়াৱহতা হ্ৰাস আৰু অৰ্থনীতি ক্ৰমশঃ সঠিক দিশলৈ ওভতাৰ সময়ত বিত্তীয় বৰ্ষ ২০২০-২১ৰ তৃতীয় ত্ৰৈমাসিকত আমি জমা আৰু অগ্ৰিম ধনৰ উন্নত হাৰ প্ৰত্যক্ষ কৰিছোঁ। আমি আমাৰ উপভোক্তাসকলৰ আস্থা আৰু বিশ্বাস ধাৰাবাহিকতাৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। অনাগত সময়ত একাধিক প্ৰডাক্ট তথা বেংকিং মাধ্যমৰ জৰিয়তে গ্ৰাহকসকলক সেৱা প্ৰদান কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।"