সুখবৰ, বজাৰলৈ আহি আছে দেশৰ সবাতোকৈ কম মূল্যৰ গাড়ীখন…

সুখবৰ, বজাৰলৈ আহি আছে দেশৰ সবাতোকৈ কম মূল্যৰ গাড়ীখন…

author-image
asomiyapratidin
New Update
সুখবৰ, বজাৰলৈ আহি আছে দেশৰ সবাতোকৈ কম মূল্যৰ গাড়ীখন…

ডিজিটেল ডেস্কঃ গাড়ী কিনিম বুলি ভাৱি আছে নেকি? যদি ভাৱি আছে আৰু কিছু দিন অপেক্ষা কৰক, কিয়নো দেশৰ বজাৰলৈ আহি আছে সবাতোকৈ কম মূল্যৰ গাড়ীখন। দেশৰ আগশাৰীৰ বাহন নিৰ্মাতা প্ৰতিষ্ঠান বাজাজে নিৰ্মাণ কৰি উলিয়াইছে এই বিশেষ বাহনখন। বাহনখনৰ নাম 'bajaj Qute'। প্ৰাপ্ত খবৰ অনুসৰি ফেব্ৰুৱাৰী মাহতে প্ৰতিষ্ঠানটোৱে বজাৰত মুকলি কৰিবলগীয়া এই চাৰিচকীয়া বাহনখন মূল্য মাত্ৰ ১লাখ ৭০ হাজাৰ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বাহনখনত থাকিব ২১৬ চি চি, চিঙ্গল চিলিণ্ডাৰ আৰু পেট্ৰ'লচালিত ইঞ্জিন। বাহনখনত থাকিব ৫ স্পীডযুক্ত গিয়াৰ। ঘণ্টাত সৰ্বাধিক ৬০ কি:মি: বেগত যাব বাহনখন। এতিয়া অপেক্ষা মাথোঁ বাহনখন মুকলি হোৱালৈ।