/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/Match-Makers.jpg)
ডিজিটেল ডেস্কঃ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণে শুকুৰবাৰে দাখিল কৰিলে পূৰ্ণাংগ কেন্দ্ৰীয় বাজেট। এই বাজেটত বহু ভাল খবৰৰ মাজতে চলিত বৰ্ষত বিবাহ পাশত আবদ্ধ হ'ব খোজা সকলৰ বাবে আহিল বেয়া খবৰ।
বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত ঘোষণা কৰিলে- বৃদ্ধি পাব সোণৰ দাম। পূৰ্বতে সোণত আছিল ১০ শতাংশ শুল্ক। চলিত বিত্তীয় বৰ্ষৰ বাবে সোণৰ ওপৰৰ এই শুল্ক ১২.১৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। এই বাজেটৰ পিছতেই এতিয়া বৃদ্ধি পাব সোণৰ মূল্য।