/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/sim.jpg)
ডিজিটেল ডেস্কঃ টেলিকম বজাৰখন জিঅ'ৰ প্ৰৱেশৰ পাছত প্ৰায়খিনি সলনি হৈছে। নিত্য নতুন অফাৰৰ যোগেদি দিনক দিনে বাঢ়িছে জিঅ'ৰ উপভোক্তাৰ সংখ্যা। কিন্তু এইবাৰ জিঅ'ক যোগ্য প্ৰত্ত্যুতৰ দিবলৈ বজাৰত পতঞ্জলিয়ে আৰম্ভ কৰিছে এটা নতুন অফাৰ।
কিছুদিনৰ আগতে বাবা ৰামদেৱৰ পতঞ্জলি প্ৰতিষ্ঠানে বি এছ এন এলৰ লগ হৈ মুকলি কৰিছিল জিঅ' ছিমকাৰ্ড। ছিমকাৰ্ড মুকলি কৰা হৈছিল যদিও কোনো ধৰণৰ ৰিছাৰ্জ সন্দৰ্ভত ঘোষণা কৰা নাছিল পতঞ্জলিয়ে। কিন্তু যোৱা বুধবাৰে পতঞ্জলিয়ে ঘোষণা কৰিছে পতঞ্জলি ছীমকাৰ্ডৰ নতুন ৰিছাৰ্জ প্লা'ন।
প্ৰতিষ্ঠানটোৱে ঘোষণা কৰিছে যে গ্ৰাহকে ৩৬৫ টকা ৰিছাৰ্জ কৰিলে ৩৬৫ দিনৰ বাবে সকলো সুবিধা প্ৰদান কৰা হ'ব। এই সুবিধা বিলাকৰ ভিতৰত থাকিব প্ৰতিদিনে ২ জিবি ৪জি ডাটা, আনলিমিটেড কলিং আৰু প্ৰতিদিনে ১০০ টা মেচেজৰ সুবিধা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/ramdev-1.jpg)