/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/driving-india.jpeg)
ডিজিটেল ডেস্কঃ এখন ড্ৰাইভিং লাইচেন্স নিৰ্মাণ কৰোতে এক প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে। ইয়াৰোপৰি বহুসময়ত ব্যস্ততাৰ বাবে একাংশলোকে দালালৰ যোগেদি লাইচেন্স নিৰ্মাণ কৰিবলৈ যাওতে সময়ৰ লগতে যথেষ্ট ধনৰো অপচয় হয়। কিন্তু শেহতীয়াকৈ ড্ৰাইভিং লাইচেন্স নিৰ্মান কৰিব খোজা ব্যক্তি সকলৰ বাবে চৰকাৰে মুকলি কৰিছে এক সহজ আৰু অতি কম খৰচী এক প্ৰক্ৰিয়া। প্ৰাপ্ত খবৰ অনুসৰি কিছু দিনৰ পূৰ্বৰে পৰা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে এই ব্যৱস্থা। যি ব্যৱস্থাৰ জৰিয়তে কোনো ব্যক্তিয়ে ঘৰতে বহি মাত্ৰ ৩৫০ টকা খৰচ কৰি লাভ কৰিব পাৰিব ডাইৰ্ভিং লাইচেন্স।
- এই প্ৰক্ৰিয়াৰ যোগেদি লাভ কৰিব পাৰিব-
৩৫০ টকাত যদি কোনো লোকে ড্ৰাইভিং লাইচেন্স বনাব বিচাৰিছে তেন্তে ইচ্ছুক লোকে বিভাগীয় আৰ টি অ' অথবা ডি টি অ' কাৰ্যালয়ত প্ৰথমে অনলাইন আবেদন কৰিব লাগিব। আবেদনৰ কৰাৰ আগতে https://parivahan.gov.in/ লগ ইন কৰিব লাগিব। ইয়াৰ পাছতে লাইচেন্সৰ বাবে আবেদন কৰিব পৰা বুটামত ক্লিক কৰিব লাগিব। আবেদন কৰাৰ পাছতে জমা দিব লাগিব ৩৫০ টকা। এই মাচুল দিয়াৰ কিছুসময়ৰ পাছতে আবেদন কৰোতালৈ এটা মেছেজ আহিব। এই মেছেজতে ডাইৰ্ভিংৰ টেষ্টৰ বাবে তাৰিখ, স্থান, আৰু সময়ৰ সন্দৰ্ভত অৱগত কৰা হ'ব। এই সকলো কাম সুচাৰুৰূপে সম্পন্ন হোৱাৰ পাছত আবেদনকাৰীয়ে ড্ৰাইভিং লাইচেন্স লাভ কৰিব।