নতুন বছৰত বন্ধ হৈ পৰিব দেশৰ ৫০ শতাংশ এটিএম!

নতুন বছৰত বন্ধ হৈ পৰিব দেশৰ ৫০ শতাংশ এটিএম!

author-image
asomiyapratidin
New Update
নতুন বছৰত বন্ধ হৈ পৰিব দেশৰ ৫০ শতাংশ এটিএম!

ডিজিটেল ডেস্কঃ শীঘ্ৰে বন্ধ হ'ব দেশৰ ৫০ শতাংশতকৈয়ো অধিক অট'মেটেড টেলাৰ মেচিন চমুকৈ এটিএম। এই সম্ভাৱনা ব্যক্ত কৰিছে দেশৰ এটিএমসমূহৰ সংস্থা কনেফেডাৰেশ্যন অব এটিএম ইণ্ডাষ্ট্ৰী চমুকৈ চিএটিএমআইয়ে।

সংস্থাটোৱে জনোৱা মতে, ২০১৯ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতৰ ভিন্ন স্থানত থকা ১,১৩,০০০ এটিএম মেচিন বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে।
চৰকাৰৰ শেহতীয়া এক নিৰ্দেশৰ বাবেই উক্ত এটিএমসমূহ বন্ধ হৈ পৰিব বুলিও সদৰী কৰিছে সংস্থাটোৰ বিষয়ববীয়াসকলে।

কিছুদিন পূৰ্বে দেশৰ এটিএমসমূহৰ হাৰ্ডৱেৰ আৰু ছফটওৱেৰৰ সাল-সলনি কৰাৰ বাবে এক নিৰ্দেশ প্ৰদান কৰিছিল কেন্দ্ৰ চৰকাৰে। চৰকাৰৰ উক্ত নিৰ্দেশ বিভিন্ন কাৰিকৰী কাৰণত ৫০ শতাংশৰো অধিক এটিএমত কাৰ্য্যকৰী কৰাতো সম্ভৱ নোহোৱা বাবেই এনে সম্ভাৱনাই দেখা দিছে।

উল্লেখ্য যে, বৰ্তমান ভাৰতৰ এটিএমৰ সংখ্যা হৈছে ২,৩৮,০০০। ইয়াৰে ৫০ শংতাশতকৈয়ো অধিক এটিএম বন্ধ হৈ পৰিলে দেশবাসী আন এক সমস্যাৰ সন্মুখীন হোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে।