এতিয়াৰে পৰা ATM ত নাপাব ২০০০ টকীয়া নোট…

এতিয়াৰে পৰা ATM ত নাপাব ২০০০ টকীয়া নোট…

author-image
asomiyapratidin
New Update
এতিয়াৰে পৰা ATM ত নাপাব ২০০০ টকীয়া নোট…

ডিজিটেল ডেস্কঃ এ টি এম মেচিনত এতিয়াৰে পৰা গ্ৰাহকে নাপাব ২০০০ টকীয়া নোট। ২০০০ টকীয়া নোট এ টি এমত নৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। ৰিজাৰ্ভ বেংকৰ নিৰ্দেশানুসৰি ইতিমধ্যে ষ্টেট বেংক অৱ ইণ্ডিয়াই এক নতুন প্ৰক্ৰিয়া। এতিয়াৰে পৰা ষ্টেট বেংকৰ এ টি এমত গ্ৰাহকে নাপাব ২০০০ টকীয়া নোট।

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি প্ৰথম পৰ্যায়ত দেশৰ সৰু সৰু চহৰসমূহত থকা এ টি এমত ২০০০ টকীয়া নোট বন্ধ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত দেশৰ সকলো এ টি এমত ২০০০ টকীয়া নোট বন্ধ কৰি দিয়া হ'ব। গ্ৰাহকে খুচুৰা পইটাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ৫০০, ২০০ আৰু ১০০ টকীয়া নোটৰ প্ৰচলন বৃদ্ধি কৰিবলৈ বেংকসমূহক নিৰ্দেশ দিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই।