মোৰ বাবে ভাৰত ৰত্নৰ দাবী নকৰিবঃ ৰতন টাটা…

মোৰ বাবে ভাৰত ৰত্নৰ দাবী নকৰিবঃ ৰতন টাটা…

author-image
asomiyapratidin
New Update
মোৰ বাবে ভাৰত ৰত্নৰ দাবী নকৰিবঃ ৰতন টাটা…

ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিষ্ঠিত উদ্যোগপতি ৰতন টাটাই সামাজিক মাধ্যমত তেওঁক ভাৰত ৰত্ন দিয়াৰ বাবে আবেদন কৰা লোক সকলক এই অভিযান ভংগ কৰাৰ বাবে আহ্বান জনাইছে। ৰতন টাটাই কয় যে, তেওঁ ভাৰতীয় হোৱাৰ বাবে নিজকে ভাগ্যশালী বুলি মন্তব্য কৰিছে। সেয়ে তেওঁ নিজকে দেশৰ সমৃদ্ধিৰ বাবে নিজে আগৱঢ়োৱা সেৱাৰ বাবে গৌৰৱবোধ কৰে।ইয়াৰ বাবে পুৰস্কাৰৰ কোনো প্ৰয়োজন নাই বুলিও তেওঁ মন্তব্য কৰিছে।

১০০ আৰৱ ডলাৰতকৈয়ো অধিক ধন সম্পত্তিৰ অধিকাৰীজনে সামাজিক মাধ্যমত তেওঁক ভাৰত ৰত্ন প্ৰদানৰ বাবে আহ্বান কৰাৰ প্ৰসংগত বাধা আৰোপ কৰিছে। উল্লেখ্য যে, সামাজিক মাধ্যমত বহুলোকে চৰকাৰখনক তেওঁৰ দেশভক্তিৰ বাবে দেশৰ সৰ্বোচ্চ নাগৰিকৰ সন্মান দিবৰ বাবে দাবী উত্থাপন কৰি আহিছে।