New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/himanta-3.jpg)
- সদনত লেখানুদান দাখিল কৰিলে বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
- খতিয়ান দিলে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আঁচনিসমূহৰ।
- ৰাজ্যিক ঘৰুৱা উৎপাদনৰ হাৰ ৭.৭১ শতাংশলৈ বৃদ্ধি।
- ৰাজ্যৰ জনমূৰি আয় ৯০,৬৯২ টকালৈ বৃদ্ধি।
- ২০২১-২২বৰ্ষত কেন্দ্রীয় কৰৰ ২০,৬০১ কোটি টকা অনুমোদন।
- ২০১৯-২০ বৰ্ষত ৰাজ্যৰ নিজা কৰ ৰাজহৰ পৰিমাণ বৃদ্ধি।
- অৰুণোদয় আঁচনিৰ পৰা ১৭,২৫,৫৯০গৰাকী মহিলা উপকৃত।
- অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ৮৩০ৰ পৰা ৩০০০ টকালৈ বৃদ্ধি।
- অৰুন্ধতী আঁচনিত সামৰি লোৱা হৈছে ১৫০০গৰাকী মহিলাক।
- ৮,৭৫৬ নামঘৰলৈ ২১৮ কোটি টকাৰ অনুদান।
- উত্তৰণ আঁচনিত ১২৪টা প্রকল্প আৰম্ভ হৈছে : বিত্তমন্ত্রী।
- '১০০০খন পকী দলঙলৈ উন্নীতকৰণ, ৰে'লৱে অভাৰব্রীজ নিৰ্মাণ'।
- 'এতিয়ালৈ ২০৪১খন দলঙৰ কাম আৰম্ভ, ৮৭০খনৰ কাম সম্পূৰ্ণ'।
- 'ৰাজ্যত ক'ভিডৰ সময়ত ১০০০খন আইচিইউ বিছনা'।
- '৪,৫০০খন নিয়মীয়া হাস্পতালৰ বিছনা'।
- '১,৪০৮ ভেণ্টিলেটৰ, ৪,৫৪১টা অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা'।
- '৮৬৭ কোটি টকা ব্যয়ৰে ৫৮ লাখ পৰিয়াললৈ বিনামূলীয়া চাউল'।
- 'চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ দ্বাৰা উপকৃত ৭.৫ লাখ হিতাধিকাৰী'।
- 'চাহ শ্রমিকৰ মজুৰি বৃদ্ধিৰ আলোচনা চলি আছে'।
- ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত ৪০.৯৪ কোটি টকা ব্যয়।
- 'এই আঁচনিৰ জৰিয়তে ১,৬৯,৯৩০গৰাকী স্বামীহাৰা মহিলা উপকৃত'।
- '১,৬০,৬১২ দিব্যাংগক মাহে এহাজাৰ টকাকৈ প্রদান কৰা হৈছে'।
- দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনিত ব্যয় ৯৬.৩৬ কোটি টকা।
- '২০২০-২১ বৰ্ষত ১২,৫৬,৬৯৮ গৰাকীলৈ চৰকাৰৰ বৃদ্ধ পেঞ্চন'।
- 'বিদ্যালক্ষ্মী আঁচনিত ৩৭.৬০ কোটি টকাৰ ঋণ অনুমোদন দিয়া হৈছে'।
- 'অভিনন্দন'ৰ জৰিয়তে ৫,৭৯৯টা একাউণ্টলৈ এককালীন সাহায্য'।
- 'শিক্ষাঋণৰ বিপৰীতে প্রতিটো একাউণ্টত ৫০ হাজাৰ টকাকৈ সাহায্য'।
- প্রজ্ঞান ভাৰতী আঁচনিৰ দ্বাৰা বিনামূলীয়া নামভৰ্তি।
- প্রজ্ঞান ভাৰতী আঁচনিত উপকৃত হৈছে ১৭.৮৪ লাখ ছাত্র-ছাত্রী।
- মৰাণ,মটক,চুতীয়া,আহোম সম্প্রদায়ৰ কীৰ্তিচিহ্ন সংৰক্ষণৰ ব্যৱস্থা।
- প্রতি সম্প্রদায়লৈ ১২৫কোটিকৈ ৫০০কোটি টকাৰ পেকেজৰ সিদ্ধান্ত।
- অংগনবাড়ী কৰ্মীৰ দৰমহা এহাজাৰ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত।
- অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ৫০০ টকালৈ বৃদ্ধি।
- ৬১.৫০২ গৰাকী অংগনবাড়ী কৰ্মী, ৫৬,০০৮ গৰাকী সহায়িকা উপকৃত।