বন বিষয়া সুস্মিতা লংকালৈ ৰাষ্ট্ৰসংঘৰ বিশেষ বঁটা…

বন বিষয়া সুস্মিতা লংকালৈ ৰাষ্ট্ৰসংঘৰ বিশেষ বঁটা…

author-image
asomiyapratidin
New Update
বন বিষয়া সুস্মিতা লংকালৈ ৰাষ্ট্ৰসংঘৰ বিশেষ বঁটা…

ডিজিটেল ডেস্কঃ আঠগড়ৰ বিভাগীয় বন বিষয়া (ডিএফঅ) সুস্মিতা লংকাক ৰাষ্ট্ৰসংঘই এছিয়া পৰিৱেশ প্ৰৱৰ্তন বঁটাৰে সন্মানিত কৰে। তেওঁ এনে পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয়।বৰ্তমান ভূৱনেশ্বৰ জিলা মুখ্য কাৰ্যালয়ত বন উপ সংৰক্ষক হিচাপে কৰ্মৰত লংকাই ৰাজ্যখনত বনৰৌ সৰবৰাহকাৰী সকলক আটক কৰিবলৈ সক্ষম হোৱাৰ বাবে তেওঁলৈ এই 'জেণ্ডাৰ লিডাৰশ্বিপ এণ্ড ইমপেক্ট' বঁটা প্ৰদান কৰা হয়।

Advertisment

শ্ৰী মতী লংকাই আঠগড় আৰু খুনপুনিৰ পৰা চলি থকা বনৰৌ সৰবৰাহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰখন বন্ধ কৰাৰ বাবেও বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল।

উল্লেখ্য যে বনৰৌৰ সৰবৰাহ বন্ধ কৰিবলৈ তেওঁ বিভিন্ন সময়ত বিভিন্ন সজাগতা শিৱিৰৰো আয়োজন কৰিছিল। তেওঁ এই সম্পৰ্কে মন্তব্য কৰে যে বহু সংখ্যক গাঁৱৰ লোক বৰ্তমানেও বনৰৌ সৰবৰাহযে অবৈধ সেই বিষয়ে সজাগ নহয় । তেওঁ এই বিষয়ে সকলোৱে সজাগতা কাৰ্যসূচীত অংশ লোৱা সম.ৰ দাবী বুলিও মন্তব্য কৰে।