/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/boko-1.jpg)
ডিজিটেল সংবাদ,বকোঃ সম্প্ৰতি ৰাজ্যত শিক্ষক নিযুক্তিৰ বিতৰ্ক তুঙ্গত উঠিছে। কামৰূপ জিলাৰ বকোত এগৰাকী শিক্ষকে চৰকাৰৰ শিক্ষা বিভাগৰ নীতি-নিয়মৰ আওতাত থকাৰ পিচতো নিযুক্তি লাভ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঘটনাৰ বিৱৰণী মতে ৪৮ নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰূপনগৰ আঞ্চলিক হাইস্কুলত অৰূপ কলিতা নামৰ সঙ্গীত শিক্ষক গৰাকীয়ে যোৱা ১৯৯৫ ইং বৰ্ষৰ পৰা শিক্ষকতা কৰি আহিছে। আনহাতে বিদ্যালয়খনো যোৱা ১৯৭৯ ইং বৰ্ষত স্হাপন হৈছিল।
চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দশনা মতে বিদ্যালয়খনত ২০১৪ , ২০১৫ আৰু ২০১৬ ইংবৰ্ষত ক্ৰমে – ১১, ১৬, ১৩ গৰাকী সঙ্গীত বিষয়ত ছাত্ৰ-ছাত্ৰী আছিল। জানিব পৰা মতে চৰকাৰী নিৰ্দেশনা মতে কেৱল এই বৰ্ষ কেইটাৰ প্ৰতিটো বৰ্ষত মাথো ১০ গৰাকী ছাত্ৰ-ছাত্ৰী থাকিলেই হয়।
সেই নিৰ্দেশনালৈ লক্ষ্য কৰিলে ৰূপনগৰ আঞ্চলিক হাইস্কুলৰ সঙ্গীত বিষয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিকহে আছে । ইয়াৰ পিছতো কিন্ত যোৱা ৫ ফ্ৰেব্ৰুৱাৰীত হোৱা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত সঙ্গীত শিক্ষক গৰাকীয়ে নিযুক্তি লাভ নকৰাত যোৱা ২৬ বছৰে বিনাবেতনে কাম কৰি অহা শিক্ষকগৰাকীৰ লগতে চাৰিজনীয়া পৰিয়ালটোলৈ নামি আহিছে অন্ধকাৰ।
কেৱল সঙ্গীতৰ ঘৰুৱা শিক্ষকতা কৰি লাভ কৰা সামান্য টকাৰে দুই পুত্ৰক পঢ়ুৱাৰ উপৰিও কোনো মতে পৰিয়ালটো জীৱন নিৰ্বাহ কৰি আহিছে। যোৱা ৫ফ্ৰেব্ৰুৱাৰীত নিযুক্তি লাভ নকৰাত শিক্ষক গৰাকীৰ যেন আশাত চেঁচাপানী পৰিল ।
ৰূপনগৰ আঞ্চলিক হাইস্কুলৰ সঙ্গীত শিক্ষক অৰূপ কলিতাই এলাহাবাদৰ প্ৰয়াগ সঙ্গীত সমিতিৰ পৰা সঙ্গীত বিশাৰদ ডিগ্ৰী লাভ কৰাৰ উপৰিও বুৰঞ্জীক প্ৰধান বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লাভ কৰিছে। বিদ্যালয়খনেও শিক্ষা বিভাগৰ পৰা ইউ ডাইচ ( ১৮০৬০১০৪৬০৩) নম্বৰ লাভ কৰিছে।
উল্লেখযোগ্য যে, যোৱা ২০১১ৰ আইন মতে ২০১৩ ইং বৰ্ষত সঙ্গীত শিক্ষক সকলোক নিযুক্তি প্ৰদান কৰিব বুলিও শেষ মুহূৰ্তত তেতিয়াৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি প্ৰদান নকৰিলে। পুনৰবাৰ বিভাগটোৱে ২০১৭ ইং বৰ্ষত নতুন আইন প্ৰনয়ন কৰি যোৱা ৫ ফ্ৰেব্ৰুৱাৰীত সঙ্গীত শিক্ষক সকলোৰ কিছু সংখ্যকক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে।