Advertisment

ভাৰতত এপলৰ ৰাজহ বৃদ্ধি ৩৬ শতাংশঃ চাৰিখন নতুন বিপনী মুকলিৰ প্ৰস্তুতি...

ভাৰতত এপলে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি অব্যাহত ৰাখিছে। যোৱা বিত্তীয় বৰ্ষত প্ৰতিষ্ঠানটোৰ ৰাজহ ৩৬ শতাংশ বৃদ্ধি হৈ ৬৭,১২২ কোটি টকা (৮ বিলিয়ন) ত উপনীত হৈছিল।

author-image
Asomiya Pratidin
New Update
এপলৰ ভাৰতীয় বজাৰ

ডিজিটেল ডেস্কঃ ভাৰতত এপলে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি অব্যাহত ৰাখিছে। যোৱা বিত্তীয় বৰ্ষত প্ৰতিষ্ঠানটোৰ ৰাজহ ৩৬ শতাংশ বৃদ্ধি হৈ ৬৭,১২২ কোটি টকা (৮ বিলিয়ন) ত উপনীত হৈছিল।

Advertisment

এই সময়ছোৱাত প্ৰতিষ্ঠানটোৰ মুঠ মুনাফা ২৩ শতাংশ বৃদ্ধি হৈ ২,৭৪৬ কোটি টকা হৈছেগৈ। ইয়াৰোপৰি এপলে ২০২৪ বিত্তীয় বৰ্ষত ৩,৩০২ কোটি টকা অন্তৱৰ্তী লাভাংশ ঘোষণা কৰিছে। 

এপলে আৰু জনাইছে তেওঁলোকৰ ৩৫,০০২ সম্পূৰ্ণ বিত্তীয় শ্বেয়াৰত এই লাভাংশ পৰিশোধ কৰিছে। এপলৰ CEO টিম কুকে ভাৰতত দেখুওৱা ব্যৱসায়ৰ পাৰ্ফমেন্সৰ বাবে উৎসাহিত হৈ কয়, ভাৰতত সকলো সময়তে নতুন সাফল্য অৰ্জন কৰিছে। আমি যোৱা কোৱাৰ্টাৰত দুখন নতুন ষ্টোৰ মুলকি কৰিছো। আৰু চাৰিখন নতুন ষ্টোৰ শীঘ্ৰেই মুকলি কৰিবলৈ আগবাঢ়িছো।

এপলে ভাৰতত স্মাৰ্টফোন প্ৰীমিয়াম বজাৰৰ অগ্ৰগতি উপভোগ কৰিছে। বিশেষকৈ এপলে আইফোনৰ বিক্ৰী বৃদ্ধি কৰিবলৈ ইয়াৰ খুচুৰা দোকান সম্প্ৰসাৰিত কৰিছে।

ভাৰতৰ মোবাইলৰ বজাৰখনত ৩০ হাজাৰৰো অধিক মূল্যৰ প্ৰীমিয়াম স্মাৰ্টফোন বিক্ৰী হয় মুঠ বজাৰৰ ১৭ শতাংশ। এই মূল্য হৈছে ভাৰতীয় স্মাৰ্টফোন বজাৰৰ মুঠ মূল্যৰ ৪৫ শতাংশ।

কাউণ্টাৰপইণ্ট ৰিচাৰ্ছৰ গৱেষণা সঞ্চালক তৰুণ পাঠকে এই সন্দৰ্ভত কয়, "ভাৰতত এপলৰ বিক্ৰী বৃদ্ধি পাইছে আৰু ই প্ৰীমিয়াম শাখাৰ বিকাশৰ সৈতে সম্পূৰ্ণৰূপে মিলিছে।

তেওঁ লগতে কয় যে, ২০২৫ চনত এপলৰ ৰাজহ ১০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিব। এপলৰ অন্যান্য সামগ্ৰী যেনে মেক, আইপেড, এপল ৱাচ, এয়াৰপড আৰু তেওঁলোকৰ সেৱা বিভাগৰ বিক্ৰীও বৃদ্ধি পাব।

ডিচি ইণ্ডিয়াৰ সহযোগী উপ-সভাপতি নৱকেন্দ্ৰ সিঙে এপলৰ ভাৰতৰ ব্যৱসায়ৰ সন্দৰ্ভত কয়, "এপলে যোৱা কেইবছৰমান ধৰি ভাৰতীয় স্মাৰ্টফোন বজাৰত ভাল প্ৰদৰ্শন কৰি আহিছে, বিশেষকৈ প্ৰীমিয়াম শাখাত। এপলে ভাৰতত ইয়াৰ উপস্থিতি শক্তিশালী কৰিছে, যি কোম্পানীৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

 

এপল স্মাৰ্টফোন এপল শ্ব' ৰুম