সুখবৰ, ভাৰতত কম মূল্যত পাব আইফোন!

সুখবৰ, ভাৰতত কম মূল্যত পাব আইফোন!

author-image
asomiyapratidin
New Update
সুখবৰ, ভাৰতত কম মূল্যত পাব আইফোন!

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা আপুনি অধিক মূল্য দিব নালাগে আইফোন ক্ৰয় কৰিবৰ বাবে। আমেৰিকাৰ প্ৰখ্যাত প্ৰতিষ্ঠান এপ'লে আনিছে ভাল খবৰ। ভাৰতৰ ভিতৰতে প্ৰথমখন এপ'লৰ বিপণী স্থাপন কৰা হ'ব মুম্বাইত। ইতিমধ্যে ইয়াৰ বাবে চিন্তা চৰ্চা আগবঢ়াইছে প্ৰতিষ্ঠানটোৱে। ভাৰতত ইয়াৰ বিপণী স্থাপনৰ বাবে প্ৰতিষ্ঠানটোৱে চুড়ান্ত কৰিছে তালিকাও।

আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ স্থান শক্তিশালী কৰিবলৈ সক্ষম হোৱা প্ৰতিষ্ঠানটোৱে ভাৰতত ইয়াৰ কাম কাজ বৃদ্ধি কৰাৰ মানসেৰে এই কাম কৰিবলৈ লৈছে। এপ'লৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুকে এই সংক্ৰান্তত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। 'কম সময়ৰ বাবে ভাৰত আমাৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ বজাৰ হৈছে যদিও অতি কম দিনতে ই আমাৰ বাবে লাভজনক বজাৰ হৈ পৰিব। অতি সোনকালে এই বজাৰখনত আমি প্ৰত্যক্ষভাবে ব্যৱসায় আৰম্ভ কৰাৰ বাবে পৰিকল্পনা হাতত লৈছো।' ভাৰতত এপ'লে বিপণী স্থাপন কৰিলে হ্ৰাস পাব আইফোনৰ মূল্য।